Tuesday, March 19, 2024
HomeNEWSষষ্ঠ অনুসূচীৰ দাবীত আন্দোলনঃ পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয়...

ষষ্ঠ অনুসূচীৰ দাবীত আন্দোলনঃ পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা নিখিল ৰাভা জাতীয় পৰিষদ, নিখিল ৰাভা সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সংঘ, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ উদ্যোগত এলানী আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। সংগঠনকেইটাৰ যৌথ আন্দোলনৰ প্ৰথমলানী কাৰ্যসূচীৰ এপ্ৰিল মাহত সমাপ্ত হৈছে। চলিত মে’ মাহৰ পৰা যৌথ আন্দোলনৰ দ্বিতীয়লানী কাৰ্যসূচীআৰম্ভ হৈছে। আজি দ্বিতীয়লানী আন্দোলনৰ শেষ তথা অন্তিম কাৰ্যসূচী। আজিৰ অন্তিম কাৰ্যসূচীত কামৰূপ জিলাৰ বোন্দাপাৰাত এখনি প্ৰতিবাদী সভা আয়োজন কৰে। উক্ত সভাত অংশ গ্ৰহণৰ বাবে ৰাতিপুৱা ছয়গাঁও গোৱৰ্ধন চ’কৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বোন্দাপাৰালৈ এক বিশাল চাইকেল ৰেলী যাত্ৰা কৰে। বিপৰীতে গোৱালপাৰা জিলাৰ পৰাও বোন্দাপাৰালৈকে চাইকেল ৰেলীৰ দল আহে।

আজিৰ প্ৰতিবাদী সভাত নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই কয়– আমাৰ ৰাভা জাতিৰ যি আন্দোলন সেয়া শাসকীয় চৰকাৰখনে গুৰুত্ব দিয়াৰ সলনি বিষয়টোৰ পৰা ফালৰি কাটিবলৈহে চেষ্টা কৰিছে। সৌ–সিদিনা কেবিনেট মন্ত্ৰী ডা ৰণোজ পেগু ডাঙৰীয়াই বিধান সভা অধিবেশনত কৈছিল– চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ–কমিটিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ বাবে সকলোবোৰ প্ৰতিবেদন সমাপ্ত কৰিছে। অহা দুমাহৰ ভিতৰত ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াই দিয়া হ’ব। মন্ত্ৰীগৰাকীয় উল্লেখ কৰা দুমাহ সময় শেষ হ’বলৈ আৰু কেইটামান দিন বাকী আছে। কিন্তু ষষ্ঠ অনুসূচী সন্দৰ্ভত চৰকাৰ নিমাত। তেওঁ কয়– ৰাভাসকলে নিজৰ ঠাইত সন্মান সহকাৰে জীয়াই থকাৰ কাৰণে চৰকাৰে আমাক সন্মান প্ৰদৰ্শন কৰক। আমাৰ ধাৰাবাহিক আন্দোলনক চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। গতিকে আমি চৰকাৰক সকিয়াই দিব বিচাৰো– আমাক অৱহেলা কৰাৰ ফল সুখদায়ক নহ’ব। অতিসোণকালে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ লগতে পৰিষদৰ বাহিৰত থকা ৰাভাসকলৰ বাবে উন্নয়ন পৰিষদ গঠনৰ ব্যৱস্থা খৰটকীয়া কৰক। নহ’লে সমগ্ৰ ৰাভা হাছং এলেকাত গণতান্ত্ৰিক পদ্ধতিৰে এক জংগী আন্দোলন গঢ়ি তুলিম। তাৰবাবে ৰাভা আন্দোলনকাৰী দায়ী নহয়। আমাৰ শেষ টোপাল তেজ থকালৈকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি আন্দোলনত জপিয়াই পৰিম।

উল্লেখযোগ্য যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন হ’ল বৰ্তমান শাসকীয় চৰকাৰখনৰ মূল অংশীদাৰ। বিগত নিৰ্বাচনৰ বৈতৰণি পাৰ হ’বলৈ শাসকীয় চৰকাৰখনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক জোটবন্ধনৰ অংশীদাৰ কৰি লৈছিল। প্ৰতিশ্ৰুতি দিছিল– বিজেপি চৰকাৰে শাসনৰ গাদী দখল কৰিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ অধীনৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত আৰু পৰিষদীয় এলেকাৰ বাহিৰৰ ৰাভাসকলৰ বাবে উন্নয়ন পৰিষদ গঠন কৰিব। চৰকাৰখনে শাসনৰ বাঘজৰী হাতত লোৱা আজি ৩বছৰ হ’ল। যদিও, নিৰ্বাচনৰ সময়ত ৰাভাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বিপৰীতে চৰকাৰখনে জনগোষ্ঠীটোৰ দাবী সমূহক পিঠি দিয়াহে পৰিলক্ষিত হৈছে। প্ৰতিশ্ৰুতি অনুসৰি দাবী সমূহ পূৰণৰ বাবে ৰাভা নেতৃবৰ্গই বিভিন্ন সময়ত চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছিল। কিন্তু সুফল লাভ কৰা নাই। সেয়ে ৰাভা নেতৃবৃন্দ আন্দোলনমুখী হ’বলগা হৈছে।

আজিৰ অনুষ্ঠানত নিখিল ৰাভা জাতীয় পৰিষদৰ সম্পাদক গোবিন্দ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, সঅধাৰণ সম্পাদক প্ৰদীপ ৰাভাৰ লগতে যৌথ আন্দোলনৰ অংশীদাৰ অন্যান্য সংগঠনৰ বিষয়ববীয়া সকলেও ভাষণ প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward