Friday, April 26, 2024
HomeNEWSবন্তি প্ৰজ্বলনেৰে জোনমণিৰ আত্মাৰ সদগতি কামনা

বন্তি প্ৰজ্বলনেৰে জোনমণিৰ আত্মাৰ সদগতি কামনা

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

সদ্য প্ৰয়াত অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ আজি অৰ্থাৎ ৩১ মে’ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ। আদ্যশ্ৰাদ্ধ উপলক্ষে সন্ধিয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিটো সমষ্টিত কেন্দ্ৰীয়ভাৱে তিনিশ গচিকৈ বন্তি প্ৰজ্বলন কৰি জোনমণিৰ আত্মাৰ সদগতি কামনা কৰে।

ইপিনে– ৰাভা হাছঙৰ দক্ষিণ কামৰূপৰ ৰাণী, শিলপুতা, চানডুবি আৰু কুলশী পৰিষদীয় সমষ্টি কেইটাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে বন্তি প্ৰজ্বলন কাৰ্য সম্পন্ন কৰে। সমষ্টি কেইটাৰ নিৰ্বাচিত সাধাৰণ সঞ্জয় কুমাৰ ৰাভাই ৰাণীত, শিলপুতাৰ সাধাৰণ তথা পৰিষদখনৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভাই বেলগুৰীত, চানডুবিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভাই ৰাজাপাৰাত আৰু কুলশীৰ প্ৰতিনিধি দিলীপ কুমাৰ ৰাভাই বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় লোহাৰঘাটত কেন্দ্ৰীয়ভাৱে বন্তি প্ৰজ্বলন কাৰ্য সমাপন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward