Tuesday, March 19, 2024
HomeUncategorizedট্ৰাইবেল বেল্ট আৰু ব্ল’কত অজনজাতিলোকৰ মাটি কিনা বেচা বন্ধ হ’বই লাগিব

ট্ৰাইবেল বেল্ট আৰু ব্ল’কত অজনজাতিলোকৰ মাটি কিনা বেচা বন্ধ হ’বই লাগিব

প্ৰকাশিত তাৰিখঃ ২জুন, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্ল’কত অজনজাতিলোকক মাটিবাৰী কিনাবেচাৰ অনুমতি দিব ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল ৰাভা জাতীয় পৰিষদে। এই সন্দৰ্ভত আজি পৰিষদৰ কেন্দ্ৰীয় সভাপতি–সম্পাদক ক্ৰমে– বাবুল চন্দ্ৰ ৰাভা আৰু গোবিন্দ ৰাভা স্বাক্ষৰিত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত নেতাদ্বয়ে প্ৰকাশ কৰে যে– ব্ৰিটিছসকলে ভাৰতত ব্যৱসায় কৰিবলৈ আহি সমগ্ৰ দেশখনকে নিজ শাসনৰ অধীনলৈ নিছিল। ব্ৰিটিছসকলৰ আগত আমাৰ দেশৰ উত্তৰ–পূৰ্বাঞ্চলত বসবাস কৰা জনজাতি ভূমিপুত্ৰ সকলৰ অৰ্থনৈতিক তথা ভূমি অধিকাৰৰ ক্ষেত্ৰত এক সুকীয়া স্বাধীনতা আছিল। ১৮৬০ চনত ব্ৰিটিছ চৰকাৰে ভূমি আইন প্ৰণয়ন কৰিছিল। উক্ত আইনৰ অধীনত– ট্ৰাইবেল বেল্ট আৰু ব্ল’ক গঠন কৰিছিল। সেই আইন মতে– অইন ঠাইৰ অজনজাতি লোকসকলে জনজাতিৰ বাবে সুৰক্ষিত ভূমি খণ্ডত মাটি কিনাবেচা কৰিব নোৱাৰে। কিন্তু চৰকাৰৰ অমনোযোগিতাৰ বাবে ট্ৰাইবেল বেল্ট আৰু ব্ল’ক সমূহলৈ এক সংকট নামি আহিছে। নেতাদ্বয়ে কয়– আমি বিভিন্ন সূত্ৰে জানিব পাৰিছো যে, ট্ৰাইবেল বেল্ট আৰু ব্ল’ক সমূহত অজনজাতি লোকক মাটি কিনা বেচা কৰিবলৈ চৰকাৰে এক ব্যৱস্থা হাতত ল’বলৈ বিচাৰিছে। চৰকাৰৰ এনে জনজাতি বিৰোধী নীতিক আমি নিখিল ৰাভা জাতীয় পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছো। জনজাতি বিৰোধী এনে নীতি অতিসোনকালে বন্ধ কৰিবলৈও দাবী উত্থাপন কৰিছো। এয়া ‘এদেও–দুদেও লোটা নিয়াৰ চেও’ লেখীয়া সুবিধাবাদী ব্যৱস্থা। এই ব্যৱস্থাই ভূমিপুত্ৰ জনজাতিসকলৰ অধিকাৰক নিঃশেষ কৰিব। জনজাতিসকলৰ ভূমিৰ অধিকাৰক নিঃশেষ কৰিবপৰা নীতিক কোনোপধ্যে মানি লোৱা নহ’ব বুলি নেতাদ্বয়ে বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰিছে। লগতে ৰাজ্যখনৰ সকলোবোৰ জনজাতীয় সংগঠনক এনে নীতিক তীব্ৰ বিৰোধীতা কৰিবলৈও নেতাদ্বয়ে আহ্বান জনাইছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward