Friday, May 3, 2024
HomeNEWSলোহাৰঘাটৰ দেওপানীত এদিনীয়া কাৰ্যসূচীৰে বায়খো উৎসৱ পালন

লোহাৰঘাটৰ দেওপানীত এদিনীয়া কাৰ্যসূচীৰে বায়খো উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ৫জুন, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাট–দেওপানীত আজি এদিনীয়া কাৰ্যসূচীৰে বায়খো উৎসৱ আয়োজন কৰা হয়। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ, আঞ্চলিক মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু আঞ্চলিক ৰাভা সাহিত্য সভাৰ যুটীয়া উদ্যোগত এই উৎসৱ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি– পুৱাৰ ভাগত পূজাৰীসকলে জনজাতীয় প্ৰথাৰে বায়খো দেৱীৰ বেদীত মাংগলিক পৰ্ব আৰম্ভ কৰে। এই পৰ্বৰ পিছত উদ্যোক্তা সংগঠন কেইটাৰ পতাকা উত্তোলন, লগতে স্মৃতি তৰ্পন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক দেৱজিৎ নাফাই।

দুপৰীয়া বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাৰ সঞ্চালনাত এখনি আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাখনৰ আঁত ধৰে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি বাৰচুঙে। আলোচনা সভাত বায়খো উৎসৱৰ মূল স্মৃতিগ্ৰন্থ ‘বায়খো’ উন্মোচন কৰে– নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক অশোক নংবাগে। সভাখনত বিশিষ্ট্য অতিথিৰূপে উপস্থিত থাকে লোকসংস্কৃতিৰ গৱেষক ভূবিন ৰাভাই। 

উল্লেখযোগ্য যে, সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰপৰা কৃতি অৰ্জন কৰা পঞ্চাশৰ অধিক ছাত্ৰ–ছাত্ৰীক এই অনুষ্ঠানতে প্ৰশস্তিপত্ৰ, গছপুলি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ইপিনে, আলোচনা সভা, সম্বৰ্দ্ধনা অনুষ্ঠানৰ সমান্তৰালভাৱে মুখ্যপূজাৰী অমৃত ৰাভাৰ নেতৃত্বত পূজাৰ কাৰ্যসূচীও চলি থাকে। আবেলি অনুষ্ঠিত পৰম্পৰাগত লেৱা (লতা) টনা খেল প্ৰতিযোগিতাত পুৰুষ–মহিলা উভয় অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward