প্ৰকাশিত তাৰিখঃ ৩০ ছেপ্টেম্বৰ, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজত অৱস্থিত শ্ৰীশ্ৰীমাঁ ভগৱতী টিয়াঁমাৰী গোঁসানী পীঠ। উক্ত পীঠস্থানখন কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু ৰাভা হাছং স্বায়ত্তশাসিত কুলশী পৰিষদীয় এলেকাৰ টিয়াঁমাৰীত অৱস্থিত। ঐতিহাসিক এই পীঠস্থানখনত অঞ্চলবাসী ভক্তপ্ৰাণ ৰাইজে ভগৱতী দেৱী পূজা পালন কৰি আহিছে। টিয়াঁমাৰী গোঁসানী পীঠস্থানখন কেতিয়া স্থাপন আৰু পূজা–অৰ্চনা আৰম্ভ হৈছিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। যদিও– ই, শ শ বছৰ পুৰণি এক ঐতিহাসিক ধৰ্মানুস্থান বুলি মানুহে ঠাৱৰ কৰি আহিছে। পীঠস্থানখনত ভগৱতী দেৱীৰ পূজা–অৰ্চনা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পালন কৰি আহিছে। মুখ বাগৰি অহা কথা মতে– ঠাইখনত বিৰিণা পাতেৰে নিৰ্মিত এটি সৰু গোঁসাই ঘৰ আছিল। গাঁৱখনৰ মানুহৰ গৰু–ম’হ আদি জীৱ–জন্তু হেৰালে এই গোঁসাই ঘৰত পূজা এভাগ আগবঢ়াইছিল। পূজা ভাগ আগবঢ়োৱাৰ দুই–এদিন পিছতেই হেৰোওৱা জীৱ–জন্তু গৰাকীয়ে পুনৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ঠাইখন গভীৰ অৰণ্যৰ মাজৰ হোৱা হেতুকে তাত প্ৰকাণ্ড প্ৰকাণ্ড গছ–গছনিও আছিল। এই গছ–গছনিবোৰত টিয়াঁ, ভাটৌ, মইনা, ধনেশ পক্ষী আদিৰ বাসস্থান আছিল। এদিনৰ কথা– জনজাতীয় ভক্ত এজনে গছৰ বাঁহৰ পৰা টিয়াঁ চৰাইৰ পোৱালি পাৰি আনি মাঁ ভগৱতী দেৱীলৈ বলি উচৰ্গা কৰিছিল। ভগৱতীলৈ টিয়াঁ চৰাই বলি দিয়াৰ বাবে তেতিয়াৰ পৰাই ঠাইখনৰ নাম ‘টিয়াঁমাৰী’ হৈছিল আৰু সেইদিনটোৰ পৰাই মাঁ ভগৱতী দেৱীলৈ বলি উচৰ্গা প্ৰথা আৰম্ভ হৈছিল। এসময়ত এখন গাঁৱে পালন কৰি টিয়াঁমাৰী ভগৱতী গোঁসানী পীঠস্থানখন আজি সমগ্ৰ বৰদুৱাৰ মৌজাৰ ৰাইজ জড়িত হৈ আছে। বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলন ভূমি টিয়াঁমাৰী পীঠস্থান আজি শান্তি–সমন্বয়ৰো অন্য এক মিলন ভূমি। পীঠস্থানখনত প্ৰতি বছৰৰ দৰে এই বছৰো অহা ২ৰ পৰা ৫ অক্টোবৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰিব ভগৱতী দেৱীৰ পূজা। লোকে–লোকাৰণ্য হৈ পৰা টিয়াঁমাৰী ভগৱতী গোঁসানী পীঠৰ দেৱী পূজাত দেওধনী নচা ই এক অতি পুৰণি প্ৰথা।
ভিডিঅ’ চাবলৈ>> << ইয়াত ক্লিক কৰক >>
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News