Tuesday, April 16, 2024
HomeNEWSপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২সংখ্যক জন্মদিনঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২সংখ্যক জন্মদিনঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ ‘সেৱা পষেক’ অনুষ্ঠানৰ আয়োজন  

প্ৰকাশিত তাৰিখঃ ২৯ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২তম জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ২ অক্টোবৰলৈ পালন কৰা হ’ব ‘সেৱা পষেক’ কাৰ্য্যসূচীৰ। দলটোৰ ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্দেশ অনুসৰি ২৮ ছেপ্টেম্বৰত বাটৰহাটস্থিত বিজেপি’ৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত এক সভা অনুষ্ঠিত হয়। সভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যক্তিত্ব আৰু কৃত্তিত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়।

বিজেপি’ৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হস্তশিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপি’ৰ সভাপতি ধনেশ্বৰ ঠাকুৰীয়া, জিলা সম্পাদকদ্বয় অনুপম বৰদলৈ, পৰমানন্দ দাস, উপ–সভানেত্ৰী মৰমী চৌধুৰী, মেঘালী ৰাভা, লংকেশ্বৰ কলিতা কোষাধ্যক্ষ বিৰাজ কলিতা লগতে জিলা কিষাণ মৰ্চা, মণ্ডল সমিতিৰ সভাপতি–সম্পাদক প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াও উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward