Tuesday, April 23, 2024
HomeNEWSভি আই পি’ত অসম গ্ৰামীণ জীৱিকা অভিযানৰ ‘অসমী শাৰদীয় মেলা– ২০২২’

ভি আই পি’ত অসম গ্ৰামীণ জীৱিকা অভিযানৰ ‘অসমী শাৰদীয় মেলা– ২০২২’

প্ৰকাশিত তাৰিখঃ ২৯ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলা অসম গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা আয়োজিত ‘অসমী শাৰদীয় মেলা– ২০২২’ আজি অৰ্থাৎ ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান কোঠৰ নিকটৱৰ্তী তথা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ ই–কম টাৱাৰৰ কাষৰ স্কীল টু স্কীলচ এল এল পি ট্ৰেইনিং চেণ্টাৰৰ বাকৰিত এই মেলাৰ আয়োজন কৰে।

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উদ্বোধন কৰা শাৰদীয় মেলাখনৰ মূল উদ্যোক্তা হ’ল– কামৰূপ জিলা প্ৰকল্প প্ৰৱন্ধক গোট আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান।

ভিডিঅ’ চাওক >> << অসমী শাৰদীয় মেলা– ২০২২ >> 

অসমী শাৰদীয় মেলাৰ প্ৰথম দিনটোত জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডৰ পৰা অংশ গ্ৰহণ কৰা আত্মসহায়ক গোট সমূহে নিজৰ উৎপাদিত সামগ্ৰীৰে বাণিজ্যিক ষ্টল সমূহ সজাই তুলিছে। মেলাৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা লগতে গোটৰ সদস্য সকলৰ মাজত লোকগীত, কইনা, বিয়ানাম, একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিটো সন্ধিয়াত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্য সকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward