প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০২২
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
আধুনিক বিশ্বত প্ৰযুক্তি বিদ্যাৰ জয়জয় ময়ময় অৱস্থা। সমগ্ৰ দেশক ‘ডিজিটেল ইণ্ডিয়া’লৈ ৰূপান্তৰৰ চেষ্টা চলাই থকা সময়ত অসমৰ এখন অখ্যাত গাঁৱে বহু বছৰ ধৰি বাঁহৰ দলঙক ভাৰসা কৰি চলিবলগীয়া হৈছে। এইখন দলঙক ভাৰসা কৰিয়েই গাঁওবাসীয়ে আধুনিক বিশ্বৰ লগত যোগাযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে। হয়, লাংখাৰ গাঁৱৰ ৰাইজে শ্ৰমদান কৰি, গাঁঠিৰ ধন ভাঙি ৫ফুট বহল আৰু ৬০০ ফুট দীঘল বাঁহৰ দলং এখন সাজিবলৈ আৰম্ভ কৰিছে। য’ত প্ৰয়োজন হৈছে ৩৫যোৰ পুলি গছৰ খুঁটা আৰু ৫হেজাৰ ডাল বাঁহ। খুঁটা আৰু বাঁহত বান্ধ দিবলৈ প্ৰয়োজন হৈছে ১০ হেজাৰ টকাৰ নাইলন ৰচি। এইকথা লাংখাৰৰ গাঁওবুঢ়া জয়ন্ত ৰাভা, সভাপতি বিষ্টু বড়ো আৰু সম্পাদক ৰবিলাল ৰাভাই জানিবলৈ দিয়ে। অৱশ্যে, গাঁওবাসীয়ে নদীখনৰ ওপৰত ৬০০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং এখন পৰ্যটকক আকৰ্ষণ অথবা চমক সৃষ্টিৰ বাবে সাঁজিব খোজা নাই। দলংখন গাঁও তথা অঞ্চলবাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজন। আঘোণৰ মাহ, পথাৰৰ পৰা সোণোৱালি ধান চপোৱাৰ মাহ। এই মাহত খেতিয়কে সুস্থিৰভাৱে ভাত–চাহ খোৱাৰেই সময় নাথাকে। তাৰ মাজতে পালপাতি দলং নিৰ্মাণৰ কামতো শ্ৰমদান কৰি গৈছে। এচামে পাহাৰ–জংগলৰ পৰা বাঁহ, খুঁটা সংগ্ৰহ কৰিছে। অন্য এচামে নদীখনত খুঁটাবোৰ পুতিছে অথবা বাঁহবোৰ ঠায়ে ঠায়ে পেলাই থৈ গৈছে। মুঠতে শ্ৰমদান কৰা ১০০জন লোকৰ কোনেও ক’তো বহি থকা নাই। সকলোৱে নিজৰ বুলি সূচাৰু ৰূপে দায়িত্ব পালন কৰি গৈছে। চলিত নৱেম্বৰৰ ১৫ তাৰিখ মঙ্গলবাৰৰ পৰা দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱালৈকে সপ্তাহটোৰ প্ৰতি মঙ্গলবাৰে ৰাইজে শ্ৰমদান কৰি গৈ থাকিব। কিন্তু ৰাইজৰ শ্ৰমদানৰ বিনিময়ত গঢ়ি উঠা, গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা দলংখনৰ স্থায়িত্ব মাত্ৰ ৪–৫ মাহৰ কাৰণেহে। দলঙৰ ওপৰেৰে গোটেই বছৰ জুৰি ৰাইজে যাতায়ত কৰিব নোৱাৰে। কিয়নো, বাঁহ, কাঠেৰে তেনেই সাধাৰণভাৱে নিৰ্মাণ কৰা দলংখনে বাৰিষাকালত বিশাল নদীখনত সৃষ্টি হোৱা পানীৰ স্ৰোত সহিব নোৱাৰে। সেয়ে নদীখনত বাৰিষাৰ বান অহাৰ আগতেই ৰাইজে দলংখনৰ বাঁহ, খুঁটাবোৰ খুলি থবলগীয়া হয়। কেতিয়াবা বাঁহ, কাঠবোৰ সামৰি থোৱাৰ আগতে অনাকাংক্ষিত বানে দলখন উটুৱাইও লৈ যায়। তেনে ঘটনা এবাৰ–দুবাৰ নহয়, বহুকেইবাৰ ঘটিছে। সাধাৰণতে নৈখনত মে’ৰ পৰা অক্টোবৰ মাহলৈ পানীৰ স্ৰোত বৃদ্ধি পোৱাৰ বিপৰীতে অক্টোবৰৰ শেষৰ পৰা এপ্ৰিল, মে’ মাহলৈ পানীৰ স্ৰোতৰ পৰিমাণ হ্ৰাস পাব ধৰে। নৈ খনত পানীৰ স্ৰোত বৃদ্ধি পোৱাৰ লগে লগে নাঁও চলাচল আৰম্ভ হয় আৰু হ্ৰাস পোৱাৰ পিছত যাতায়তৰ বাবে দলং নিৰ্মাণ কৰিবলগীয়া হয়।
উল্লেখযোগ্য যে, কামৰূপ জিলাৰ অসম–মেঘালয় সীমান্তৰ পলাশবাৰী ৰাজহ চক্ৰৰ লাংখাৰ গাঁৱৰ এয়া জীয়া কাহিনী। লাংখাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত আৰু ই পলাশবাৰী সমষ্টিৰ এখন চুবুৰীয়া গাঁও। ৰাভা হাছং পৰিষদীও এলেকাৰ গাঁওখনত পঞ্চায়তীৰাজ ব্যৱস্থাও বাহাল আছে। ঐতিহাসিক চানডুবি বিলৰ পৰা ৪ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখনত ৩০০ পৰিয়ালে বসবাস কৰে। আজি বহু বছৰ আগতে কলহী নদীয়ে গাঁওখনক দুভাগ কৰিছে। নদীখনে দুভাগ কৰা গাঁওখনৰ এফালে থাকিল বিদ্যামন্দিৰ অৰ্থাৎ প্ৰাথমিক বিদ্যালয় আৰু আনফালে ৰাজহুৱা ধৰ্ম মন্দিৰ। বৰ্তমান গাঁওখনৰ মাজেৰে বৈ যোৱা কলহী নদীৰ বুকু ক্ৰমান্বয়ে বহল হৈ গৈ ৬০০ ফুটৰ ঘৰত প্ৰৱেশ কৰিছে। লক্ষণীয় যে, অসম–মেঘালয়ৰ অন্তিম সীমা উকিয়ামৰ পৰা বৰঝাৰ–লাংখাৰ–ভেৰভেৰীৰ মাজেৰে চলাচল কৰিব পৰা এটি কেঁচা বাট আছে আৰু ই ৰাজাপাৰা–ৰাণীখামাৰ পথৰ লগত সংযোগ ঘটিছে। লুংলুঙীয়া এই বাটটো আজিৰ নহয়। ব্ৰিটিছ অহাৰ আগতে জনজাতীয় লোকসকলে এই বাটেৰে যোগাযোগ ৰক্ষা কৰি চলিছিল। যোগাযোগৰ ক্ষেত্ৰত ব্ৰিটিছ সকলেও এইটো বাট ব্যৱহাৰ কৰিছিল। বাটটো আজি পৰ্যন্ত পকীকৰনৰ ব্যৱস্থা নহ’ল। পকীকৰন দূৰৈৰ কথা আনকি লুংলুঙীয়া বাটটো আহল–বহলকৈ মেৰামতিৰ ব্যৱস্থাই নকৰিলে। ছাত্ৰ–ছাত্ৰীসকলে গাঁওখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ছয় কিলোমিটাৰ দূৰৈৰ ৰাজাপাৰা অথবা বৰঝাৰত এম ই আৰু ১০ কিলোমিটাৰ নিলগৰ মুদুকীত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। ৰাষ্টা–ঘাটকে আদি কৰি অন্যান্য যোগাযোগ ব্যৱস্থাবোৰ সূচল নহ’লে কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়– সেয়া ভূক্তভোগীসকলেহে ভালদৰে উপলব্ধি কৰিব পাৰে। গতিকে গাঁওখনৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে যাতায়তৰ একমাত্ৰ ভাৰসাস্থল কলহী নদীৰ ওপৰত এখন স্থায়ী দলঙৰ প্ৰয়োজন।
ইতিমধ্যে মেঘালয় চৰকাৰে উকিয়ামৰ শ্ৰীনদীৰ ওপৰত কংক্ৰীটৰ খুঁটা ব্যৱহাৰ কৰি ষ্টীলেৰে এখন ওলোমা দলং স্থায়ীভাৱে নিৰ্মাণ কৰিছে। এইখন দলং নিৰ্মাণৰ ফলত অসমৰ উকিয়াম আৰু মেঘালয়ৰ কেৰচাই মুখৰ মাজত পোনপোটীয়া সংযোগ স্থাপন ঘটিছে। য’ত দুয়ো ৰাজ্যৰ মানুহে খোজকাঢ়ি অহা–যোৱা কৰাৰ লগতে চাইকেল, মটৰ চাইকেল চলাই নিব পাৰে। মেঘালয়ৰ লেখিয়াকৈ অসমেও লাংখাৰত এখন ওলোমা দলং স্থায়ীভাৱে নিৰ্মাণৰ চিন্তা–চৰ্ছা কৰিব লাগে। এই পদক্ষেপ গ্ৰহণত পঞ্চায়ত অথবা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পক্ষে সম্ভৱ নহ’ব পাৰে। কিন্তু বিধান সভা সমষ্টিটোৰ পৰা নিৰ্বাচিত প্ৰতিনিধি গৰাকীৰ কাৰণে এই পদক্ষেপ অসম্ভৱ নহয়। প্ৰতিনিধি গৰাকীয়ে বিভিন্ন আঁচনিৰ মাধ্যমত এই কামটো অচিৰেই সমাধানৰ ব্যৱস্থা কৰিব পাৰে।
শিৰোনামৰ ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
Title Pix: Nirendra Prasad Rabha