Saturday, April 20, 2024
HomeARTICLEলাচিতময় অসম তথা ভাৰতবৰ্ষ

লাচিতময় অসম তথা ভাৰতবৰ্ষ

প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

লাচিতৰ যুগৰ অহম–অসম আছিল এক স্বাধীন দেশ। শৰাইঘাটৰ যুদ্ধৰ সয়ম– ১৬৬৯ আলাবৈত, য’ত দহ হেজাৰ সৈনিক শ্বহীদ আৰু ১৬৭১ য’ত ৰামসিংহৰ বাহিনীক খেদি গুৱাহাটী মুকলি। ১৬৬৯ চনত চাওফা চক্ৰধ্বজ সিংহ আৰু ১৬৭১ চনত উদয়াদিত্য সিংহ। ১৬৬৯ চনত চক্ৰধ্বজৰ মৃত্যু আৰু শৰাইঘাটৰ বিজয়ৰ পিছতে ১৬৭৩ চনত উদয়াদিত্যক হত্যা। শৰাইঘাটৰ যুদ্ধ– ১৬৭১ আছিল দখলদাৰ মোগলৰ ১৬তম আক্ৰমণ। ১৭তম আক্ৰমণ চাওফা গদাধৰ সিংহৰ দিনত– ১৬৮২ চনত।

আজি জাতিৰ এক গভীৰ সংকটকালত চৰকাৰীভাৱে ৰাষ্ট্ৰৰ প্ৰচেষ্টাত লাচিতৰ বীৰত্ব স্মৰণ কৰা হৈছে– জাতীয় সমন্বয় গঢ়াৰ বাবে। ১৮২৬ চনৰ পৰা ইংৰাজ বগা বঙালৰ দখললৈ অহাৰ পৰা ১৯৪৭ চনলৈ চেদেলি–ভেদেলি হোৱা জাতিটোৱে নতুন শতিকালৈ যাবলৈ কেনেধৰণৰ কৰ্মসূচী ল’ব লাগিব। প্ৰথমে ইয়াণ্ডাবুৰ দুশ বছৰলৈ আৰু তাৰ পৰা দেশৰ স্বাধীনতাৰ এশ বছৰলৈ– ঠিক কৰিব লাগিব দেশে। মানে দেশৰ জনগণে। ৮০% ৰাইজ খেতিয়ক– সেয়ে আলাবৈৰ দহ হেজাৰ শ্বহীদৰ বিপৰীতে দহ লাখৰ কৰ্মী বাহিনীয়ে প্ৰথমে কৃষি খণ্ডক সজীৱ কৰি তুলিব লাগিব নিজা প্ৰচেষ্টাৰে। আপনা তাকত– আপনা হিম্মতচে।

লাচিতে দিছিল বাহুবল। তেওঁৰ পিতৃ অসমৰ প্ৰথম অসমৰ প্ৰথম বৰবৰুৱা মোমাই তামুলীয়ে দি গৈছিল আঁচনি/ যোজনাৰ আৰ্হি। সেই আৰ্হিৰ ওপৰত নিৰ্বৰ কৰি প্ৰথম প্ৰয়োজন ধনব’ল/ পূঁজি গঠনৰ বাবে বাবে ১০ লাখৰ কৰ্মী বাহিনীয়ে দিনে এটকাকৈ ধন গোটাব পাৰিব। এদিনৰ পূঁজি হ’ব দহ লাখ টকা। তাৰ পিছৰখিনি ‘নৰীয়া গাৰে যুদ্ধখন’ আগবঢ়াই নিয়াৰ কথা।

ভাৰতবৰ্ষৰ বৰ্তমানৰ জনমূৰি আয় ২হেজাৰ ডলাৰ ৩৬ আৰু বিশ্বৰ ভিতৰত মানৱ বিকাশৰ ক্ৰমত ১৩২ নম্বৰত। দখলদাৰ ইংৰাজৰ জনমূৰি আয় ৪২ হেজাৰ ৫৫২ ডলাৰ। আমি যদি অহা শতিকাত উন্নত দেশৰ স্থান ল’ব বিচাৰো আমাৰ জনমূৰি আয় ১৫ হেজাৰ ডলাৰ হ’ব লাগিব। আজিৰ হিচাপত প্ৰায় ৮ গুণ।

লাচিতে অসম্ভৱক সম্ভৱ কৰিছিল। ৰামসিংহৰ বিশাল বাহিনীৰ বিপৰীতে অহম বাহিনী তেনেই নগন্য আছিল। লাচিতৰ পিছৰ পৰা ১৮২৬লৈ অহমৰ কেনাবোৰ নুবুজাকৈ আগবঢ়া অসম্ভৱ।

ইয়াণ্ডাবু সম্ভৱ হোৱাৰ গুৰিত ‘চোৰে চোৰে পিতল বিতালে, গিৰিহঁত ক’ৰবাতে থাকিল’। ভৱিষ্যতৰ বাবে এনেধৰণৰ চৌৰ্য বৃত্তি অহমে এৰিব লাগিব। তাৰ বাবে লাচিতৰ নাম ল’লেই নহ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward