প্ৰকাশিত তাৰিখঃ ১৩ মে’, ২০২৪
কল্প ৰঞ্জন গগৈ –
১২২৮ খ্ৰীষ্টাব্দত চাওল্যুং চ্যুকাফা আৰু তেওঁৰ সচেতন সতীৰ্থৰ বাহিনীয়ে পাটকাই প্ৰৱেশ কৰে। সচেতন সতীৰ্থৰ বাহিনী হোৱা বাবে বুৰঞ্জী অধ্যয়ন– অনুসন্ধান আৰু লিপিৱদ্ধ কৰণৰ কথা কৈছিল। সপ্তম শতিকাত তেওঁৰ আদিপুৰুষ হিউৱেন চাঙে এখন নদন–বদন জ্ঞানেৰে জাতিস্কাৰ কামৰূপ দেখি থৈ গৈছিল। চ্যুকাফাই তাৰেই অনুসন্ধানত নিজৰ দেশখন এৰি সতীৰ্থসকলক লগত লৈ ইয়াৰ থলগিৰিসকলৰ অনুমতি সাপেক্ষে এখন ম্যুং–ডুন–চূন–খাম সোণময় বাগিচা গঢ়াৰ সপোন দি থৈ গ’ল। চ্যুকাফাই নতুন পৃথিৱী গঢ়িবলৈ জ্ঞান আৰু বিজ্ঞজনক সন্মান কৰিবলৈ সতীৰ্থসকলক কৈ গ’ল। সেয়ে আলহী হৈ আহি থলগিৰি হ’ল। ফলস্বৰূপে আজি আমি ইয়াৰ কীৰাট–বৌদ্ধসকলৰ সতীৰ্থ থলগিৰি। কামৰূপৰ পূজ্য দেৱী গোসাঁনীসকল এই কীৰাট বৌদ্ধ দৰ্শনৰ কামৰূপৰ– আজিৰ অসমৰ। এই অসমৰ প্ৰশাসনীয় বুনিয়াদৰ জন্মদাতা চাওল্যুং চ্যুকাফা। (নতুন জোনাকী পথ গঢ়াৰ অভিযান)
আজি মই গগৈ, কিন্তু আজোককা শইকীয়া পদবীৰ পিছলা নামধাৰী। পিছলা শইকীয়াৰ পুত্ৰ অভয় বৰবৰুৱা আৰু অভয়ৰ পুত্ৰ এলাগ ফুকন। এলাগৰ পুত্ৰ ভদৰাম ফুকন। এই ভদৰামৰ পুত্ৰ ৰতিৰামৰ বাব নাছিল। সেয়ে ৰতিৰাম গগৈৰ নাতি ময়ো গগৈ। ৰতিৰামৰ দিন আছিল বগা বঙালৰ দিন, কিন্তু মৃত্যু হৈছিল স্বাধীন ভাৰতত (১৯৬৪)।
ঘৰৰ বঙাল বৰফুকন বদনে অনা মানৰ পৰা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানৰ দেশৰ ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবুত বগা বঙালৰ দখল। তাৰ পৰা ১৯৪৭ ১৫ আগষ্টলৈ ‘বগা বঙালৰ দিন’ দিন। ঘৰৰ বঙালৰ লগত জগত চেঠ্সকলৰ দিন আৰু বংগৰ সংস্কৃতি। সেই দিনৰে পৰা থলগিৰি– খিলঞ্জীয়াসকল মাটি–ভেটি, বজাৰ হীন। চ্যুকাফাই এৰি থৈ যোৱা আদৰ্শৰ সহায়তহে ঘৰ বঙালসৱৰ নিৰ্মূল সম্ভৱ।
সাধাৰণ শ্ৰমন চ্যুকাফাৰ উত্তৰসুৰীয়ে ‘ইন্দ্ৰবংশী স্বৰ্গদেউ’ নাম পালে সতীৰ্থ চুহুংমুঙৰ দিনত (১৪৯৭–১৫৩৯)। তাৰ পিছতেই বুৰঞ্জীয়ে নতুন ৰূপ ল’লে। ৰাজতন্ত্ৰৰ সকলো অপসংস্কৃতিয়ে শক্তিশালী ৰূপ পালে। সমন্বয়তকৈ সংঘাত তীব্ৰ হ’ব ধৰিলে, সমাজৰ অৱধাৰিত পথ হিচাপে।
সেয়ে স্বৰ্গদেউ হৈ চুহুংমুঙে শ্ৰীন্ত শংকৰদেৱক (১৪৪৯–১৫৬৮) বিচাৰ কৰাৰ অধিকাৰ পালে। প্ৰশ্ন কৰক কিয় আৰু কোনে দিলে?
তাৰ পিছত চুচেংফা প্ৰতাপৰ দিনত (১৬০৩–১৬৪১) প্ৰথম জনা বৰবৰুৱা মোমাই তামুলী। অৰ্থনৈতিক সামাজিক জাগৰণ। ফল চুতামলা জয়ধ্বজৰ দিনত (১৬৪৮–১৬৬৩) বঙাল মীৰজুমলাৰ গড়গাঁও দখল।
চুন্যতফা উদয়াদিত্যৰ দিনত (১৬৬৯–১৬৭৩) বৰফুকন লাচিতৰ কৌশলত শৰাইঘাটত (১৬৭১) ৰামসিংহৰ বঙাল বাহিনীক পহুখেদা।
তাৰ পিছত ঘৰৰ বঙালৰ উপদ্ৰৱ ১৬৭৩ চনৰ পৰা ১৬৮১ লৈ এক ক’লা দিন। গদাপানীৰ দিনৰ পিছত (১৬৮১–১৬৯৬) ১৭৬৯ চনৰ পৰা অসন্তুষ্ট প্ৰজাৰ জাগৰণ। প্ৰজাৰ ওপৰত কৰা অত্যাচাৰ তুংগত গৌৰীনাথৰ দিনত (১৭৮০–১৭৯৫)।
ৰজাঘৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰজাঘৰক পহুখেদা। ফলত ১৭৯২ চনত গৌৰীনাথে বগা বঙালক বাট দেখুৱাই আনি ৮০জন কৃষকক হত্যা কৰিলে– গাঁও জ্বলাই দিলে। বিনিময়ত ১৭৯৩ চনত বগা বঙালৰ লগত বাণিজ্য চুক্তি।
তাৰ পিছত ‘মান –বঙালৰ দিন’ ১৮১৯ৰ পৰা আৰু অৱশেষত বেলিমাৰ। সকলো সচেতন সতীৰ্থই বেলিমাৰৰ এই বুৰঞ্জী জানে। বুৰঞ্জী হৈছে প্ৰকৃত বিজ্ঞান যাক অধ্যয়ন কৰিলে জাতি–সমাজ–দেশখনৰ প্ৰকৃত সত্য চিনিব পাৰি। প্ৰকৃত বুৰঞ্জী হৈছে দেশৰ জনগণৰ আৰ্থ–সামাজিক বুৰঞ্জী। ৰজাৰ বুৰঞ্জীৰ পৰা বুজা যায় জনগণৰ দুখৰ কাৰণবোৰ। এই সত্যবোৰ তুলি ধৰা বাবে ডাঙৰীয়া কীৰ্তিচন্দ্ৰই বুৰঞ্জী জ্বলাইছিল যদিও ‘চকৰী ফেটি’ৰ কথাবোৰ থাকি গ’ল।
সেয়ে আজিৰ প্ৰজন্মই প্ৰকৃত বুৰঞ্জীক সন্মান কৰিব লাগিব। জ্ঞানী–বিজ্ঞসকলক অপমান কৰাৰ কথাবোৰ নতুন বুৰঞ্জীত স্থান পাব লাগিব। জয়াৰ চকুপানী নমচাকৈ অসমৰ আইদেউসকলে জোনাকী বাটত নিৰ্মাণ কৰিব নোৱাৰে। বুৰঞ্জীয়ে শিকোৱা সম্ভ্ৰমৰ সাধনা কৰাৰ বাবে ব’হাগেই বতৰ। ইয়াৰ পৰাই আৰম্ভ হ’ব লাগিব নতুন জোনাকী পথ নিৰ্মাণ কৰাৰ অভিযান।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News