Tuesday, May 21, 2024
HomeNEWSপ্ৰত্যাহ্বানৰ মাজতো জগলীয়াপাৰ আঞ্চলিক ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ উন্নত ফলাফল

প্ৰত্যাহ্বানৰ মাজতো জগলীয়াপাৰ আঞ্চলিক ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ উন্নত ফলাফল

প্ৰকাশিত তাৰিখঃ ১০ মে’, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰিষদৰ চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ জগলীয়াপাৰ আঞ্চলিক ছিনিয়’ৰ চেকেণ্ডাৰী স্কুলৰ দুগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। বহু প্ৰত্যাহ্বানৰ মাজতো শিক্ষানুষ্ঠানখনৰ দুগৰাকী ছাত্ৰ ভাস্কৰ কলিতা আৰু হীৰকজ্যোতি কলিতাই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। শিক্ষাৰ্থী দুগৰাকীয়ে ০৫৬৪ নং আমৰাঙ্গা–বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰপৰা চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

উল্লেখনীয় যে, আজিৰপৰা ২৫ বছৰ আগতে পিছপৰা অঞ্চলটোৰ শৈক্ষিক উন্নতিৰ বাবে আমৰাঙ্গা–বৰিহাটত জগলীয়াপাৰ মহাবিদ্যালয় নামেৰে এখন উচ্চ শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। কালক্ৰমত এই শিক্ষানুষ্ঠানখনক কণিষ্ঠ মহাবিদ্যালয় আৰু চৰকাৰী নীতি অনুসৰি অৱশেষত ‘জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল’ ৰূপে নাম সলনি কৰিবলগীয়া হয়। ইতিমধ্যে ২৫টা বৰ্ষ অতিক্ৰম কৰা শিক্ষানুষ্ঠানখন নীতি অনুসৰি ৰূপালী জয়ন্তীবৰ্ষ পালন কৰিব লাগিছিল। কিন্তু ৰূপালী জয়ন্তী বৰ্ষৰ সলনি শিক্ষানুষ্ঠানখনক জীয়াই ৰখাৰ বাবেহে ৰাইজ আৰু শিক্ষাগুৰু সকলে অন্য এখন সংগ্ৰাম কৰিবলগীয়া হৈছে। বৰ্তমান চৰকাৰীকৰণৰ পৰা বঞ্চিত শিক্ষানুষ্ঠানখন অঞ্চলবাসী ৰাইজে দান-বৰঙণি আগবঢ়াই চলাই ৰাখিবলগীয়া হৈছে।

আনহাতে, শিক্ষক–শিক্ষয়িত্ৰীসকলেও বছৰ বছৰ ধৰি বেতন অবিহনেই শিক্ষাদান কৰি আহিছে। শিক্ষক–শিক্ষয়িত্ৰীসকলৰ ত্যাগ, ৰাইজৰ পূৰ্ণ সহযোগৰ বাবে আজি শিক্ষানুষ্ঠানখনত অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ সুযোগ লাভ কৰিছে। শিক্ষানুষ্ঠানখনৰ শৈক্ষিক দিশত ক্ৰমাগত উন্নত ফলাফলে অঞ্চলবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে। বিদ্যালয়খনৰ শৈক্ষিক সমন্বয়ক ৰত্ন দাস, পৰিচালনা সমিতিৰ সভাপতি ড গজেন অধিকাৰী লগতে সামগ্ৰীক উন্নয়ন সমিতিৰ কন্দৰ্প দাস, গজেন্দ্ৰজিৎ দাস, প্ৰাণেশ্বৰ কলিতা, ধ্ৰুৱজ্যোতি দাসকে আদিকৰি অন্যান্য বিষয়ববীয়া, অঞ্চলবাসী ৰাইজে শিক্ষাৰ্থী দুগৰাকীৰ সাফল্যত আনন্দ প্ৰকাশ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward