প্ৰকাশিত তাৰিখঃ ৩ জুলাই, ২০২৩
কল্প ৰঞ্জন গগৈ –
কি এক অদ্ভুত সময়ত কাম কৰিছো আমি। যিফালে চকু যায় সেইফালেই বেমেজালি। ৰাজনীতি–সমাজনীতি–সংস্কৃতি–মনোজগত– সকলোতে এক বিভৎস ছবি। এফালে বৈষম্যৰে ভৰা অৰ্থনৈতি– সামাজিক অৱস্থাই মানুহ নামৰ পদাৰ্থৰ জগতখন বিচ্যুতি–বিভ্ৰান্তি–বিকৃতিৰে ভৰাই তুলিছে। এক নৈৰাজ্যৰ পৰিৱেশ। সকলোৰে যেন কম–বেছি পৰিমাণে মনোবিকাৰত আক্ৰান্ত। মনোবিজ্ঞানৰ শতিকা এইটো। সেয়ে মনোবিকাৰ স্বাভাৱিক।
কোনসকল কিমান পৰিমাণে মনোবিকাৰৰ বলি– সমাজমুখী–সমাজবাদী কবি সাহিত্যিকসকল দেশৰ নিৰ্বাচিত গণপ্ৰতিনিধিসকল, পৰজীৱি ৰাইজসকল, শ্ৰমজীৱি হালোৱা–বনুৱা সকল? এটা কথা ঠিক যে সমাজৰ অৱক্ষয়ে কাকো ৰেহাই নিদিয়ে।
সমাজৰ অৱক্ষয়– বিৱৰ্তনৰ খেলিমেলি আকাশৰ পৰা সৰি পৰা নাই। নৰবলি– জন্তু বলিৰ পৰা কম্পিউটাৰ সকলো মানৱ সমাজৰ দান। অসাম্যৰে ভৰা এই সমাজ ব্যৱস্থাৰ বাবে সময়ে ইতিকিং কৰি গৈ আছে। ডকাইতৰ পৰা ডাক্তৰলৈ সকলোৱেই মানুহ। চিকিৎসাও সমাজতে হ’ব লাগিব। আধুনিক সমাজ বিজ্ঞানী কাৰ্লমাৰ্ক্সৰ মতে দাৰ্শনিক সকলেই সমাজ পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিব লাগিব। সচেতন– সুচেতন সতীৰ্থসকলে এই কাম কৰিব পৰিব। পূৰ্ণ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বিকল্প নাই। নতুন বাস্তৱ পৰিস্থিতিৰে নতুন চেতনা তৈয়াৰ হ’ব লাগিব। স্থুল শৰীৰৰ চৰ্চাৰে মনোজগত সলনি নহ’ব। সমগ্ৰ সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব লাগিব।
মনোবিকাৰৰ ভাইৰাচ কৃত্ৰিম বুদ্ধিমত্তাত আছে নেকি? অসাম্যৰ সমাজ ব্যৱস্থাৰ বিবৃতিবোৰ ক’ত আছে? ব্যক্তিকেন্দ্ৰীক চিন্তা– ভোগবাদী দৰ্শনৰ ভিতৰতে এই বিবৃতিবোৰ নাই জানো? প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনেই ইয়াৰ বাবে দায়ী নহয় জানো? বিজ্ঞানৰ অপপ্ৰয়োগ, অবিজ্ঞান অপ–বিজ্ঞানৰ প্ৰভাৱেই ইয়াৰ বাবে দায়ী নহয় জানো?
বৰ্তমানৰ আৱৰ্জনাৰে ভৰপুৰ অসুস্থ সমাজৰ চিকিৎসাৰ বাবে সনাতন সত্যবোৰ চিনাক্ত কৰি প্ৰয়োগ কৰিব লাগিব। সেই যে পুৱতি নিশা নামঘৰীয়া সকলে জগাই দিয়ে টোপনীতকৈ প্ৰাথনা ভাল বুলি, ঈশ্বৰ বিনে দ্বিতীয় ঈশ্বৰ নাই বুলি, উপবাসৰ সহায়ত দেহ–মনৰ সংসাধন কৰিবলৈ উপায়, তাৰ বাহিৰে বৰ্তমানৰ অস্থিৰতাৰ পৰা মুক্ত হ’বলৈ কোনোধৰণৰ সুপথ নাই।
সেয়ে এক নতুন ধৰণৰ শংখলাৰে শৃংখলিত হ’ব লাগিব সকলো ব্যক্তি বিশেষকৈ নতুন প্ৰজন্ম। দহ হেজাৰ বছৰত সময়ে নিজেই গঢ়িব এক শৃংখলিত সমাজ, কিন্তু আমি সিমান দিনলৈ ৰ’ব নোৱাৰো।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News