Tuesday, May 7, 2024
HomeNEWSদুদিনীয়া কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা

দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ৩ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীৰ দলংমলং খেলপথাৰত পঞ্চম বাৰ্ষিক ‘ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা’ ১জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। দলংমলং ত্ৰিদ্বীপ যুৱ বিকাশ সংঘ, বৰদুৱাৰ উশ্বু ক্লাৱৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতাখনত ৰাভা হাছং উশ্বু উপ–সমিতি আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই সহযোগ কৰিছে। উল্লেখ্য যে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে নিজ এলেকাটোৰ খেলুৱৈসকলৰ বিকাশৰ বাবে ‘ৰাভা হাছং ক্ৰীড়া সন্থা’ গঠন কৰিছিল। উক্ত ক্ৰীড়া সন্থাৰ তত্বাৱধানত পৰিষদীয় এলেকাত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল–ধেমালিৰ আয়োজন কৰি আহিছে। অকল পৰিষদীয় এলেকাৰ বাবে মুকলি থকা ৰাভা হাছং উশ্বু খেল প্ৰতিযোগিতা ২০১৯ চনৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰি আহিছে। উক্ত প্ৰতিযোগিতাখনে এইবাৰ পঞ্চম বৰ্ষত ভৰি দিছে।

প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি– ১জুলাইৰ ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে– ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি তথা স্বায়ত্তশাসিত পৰিষদখনৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই। আবেলি বজাত প্ৰতিযোগীসকলৰ নাম ভৰ্তি লগতে শৰীৰৰ ওজন পৰীক্ষা কৰা হয়। আবেলি ৪ বজাত উশ্বু খেল প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। প্ৰতিযোগিতা উদ্বোধনী ভাষণত তেখেতে কয় যে– ৰাভা হাছং হ’ল খেল–ধেমালিৰ বাবে উপযুক্ত পৰিৱেশ থকা এলেকা। ইয়াত সম্ভাৱনাপূৰ্ণ খেলুৱৈ আছে, আৰু আছে খেলৰ বাবে সুন্দৰ পৰিৱেশ। এই খেলুৱৈসকলক সমাজৰ, দেশৰ একো একো মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ চেষ্টাৰে ৰাভা হাছং ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। য’ত– ফুটব’ল, ভলিব’ল, কাবাদী, খো–খো, উশ্বু, টাইকোৱানডো, কাৰাটে, বক্সিং আদি খেল–ধেমালি সমূহৰ পদ্ধতিগত প্ৰশিক্ষণ লগতে প্ৰতিযোগিতামূলক অনুষ্ঠানৰো আয়োজন কৰি আহিছে।

উল্লেখ্য যে, খেল উদ্বোধনী অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মি বালা ৰাভা, সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভাও উপস্থিত থাকে।

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হয়। সৰ্বমুঠ ১৭০জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ সন্ধিয়া বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুখ্য অতিথিৰূপে উপস্থিত থাকে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, সদৌ অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিত বড়ো, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে– ফ্ৰাইলিন মাৰাক, নগৰমল স্বৰ্গীয়াৰী, সুমিত ৰাভা, ৰশ্মি বালা ৰাভা, সাধাৰণ সদস্য ক্ৰমে– অৰ্জুন চেত্ৰী, নৃপেন ৰাভা, কামৰূপ জিলা উশ্বু সন্থাৰ সভাপতি নিত্যানন্দ বিয়োগী, গোৱালপাৰা জিলা উশ্বু সন্থাৰ সভাপতি কিশোৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, দক্ষিণ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাই। লগতে নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে যুৱ সমাজ কৰ্মী হিমাংশু শেখৰ বৈশ্যই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ                                                                                    Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward