প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭
চানডুবি নিউজ ব্যুৰ’–
বগামাটি প্ৰকৃতিৰ এক মনোমোহা পৰ্যটনস্থলী। বিটিচি অধীনৰ বাক্সা জিলাৰ ভাৰত–ভূটান সীমান্তত অৱস্থিত এই বগামাটি পৰ্যটনস্থলী। এইবাৰ পৰ্যটনস্থলীত বৈদেশীক ৰাষ্ট্ৰ থাইলেণ্ডৰ ৰাজগুৰু আৰু ৰাষ্ট্ৰখনৰ বহুকেইজন পৰ্যটক উপস্থিত থকাত চুবুৰীয়াবাসী উৎসাহিত হৈ পৰে।
উল্লেখ্য যে ভূটানৰ পাদদেশত অৱস্থিত এই বগামাটিৰ পাহাৰৰ শিখৰত নিৰ্মাণ কৰা হৈছে ৪৫ ফুট উচ্চতাৰ এক বৌদ্ধ মূৰ্তি যি পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু। যি মূৰ্তিয়ে হাত বাউলি মাতে পৰ্যটকসকলক।
ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ আমন্ত্ৰণ ক্ৰমে থাইলেণ্ডৰ জোংখাম চহৰৰ পৰা থাই ৰাজগুৰু লৌংফৌচেং সহিতে আন দহগৰাকী বৌদ্ধ ভিক্ষু অসমৰ বগামাটিত উপস্থিত হয়। দোভাষী হিচাপে অৰুণাচল প্ৰদেশৰ দুগৰাকী বৌদ্ধ ভিক্ষুও উপস্থিত থাকে। থাই পৰ্যটকসকলক বিটিএডিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আৰণি জনায়। পিচত আটাইকেইজন পৰ্যটকে পাহাৰৰ শিখৰত থকা বৌদ্ধ মন্দিৰত ধৰ্মীয় ৰীতি–নীতি অনুসৰি আৰাধ্য দেৱতাক প্ৰাৰ্থনা জনায়।
ইপিনে বগামাটিক এক ধৰ্মীয় পৰ্যটনস্থলীলৈ পৰিণত কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে পৰ্যটনস্থলীখনিৰ উচ্চ প্ৰশংসা কৰে থাই পৰ্যটকসকলে। পৰ্যটকসকলক অঞ্চলটোৰ সুৱাগপুৰত অৱস্থিত বাথৌ মন্দিৰ দৰ্শন আৰু মন্দিৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ দিহা কৰে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। উক্ত সাংস্কৃতিক অনুষ্ঠানৰ বড়ো, নেপালী লোকন়ত্য উপভোগ কৰি পৰ্যটকসকলে অভিভূত হোৱাৰ লগতে তেওঁলোকলৈ আগবঢ়োৱা আপ্যায়নতো মুগ্ধ হৈ সমূহ কৰ্মকৰ্তাৰ প্ৰতি শলাগ লয়।
বগামাটি ভবিষ্যতে ধৰ্মীয় পৰ্যটনৰ এক আকৰ্ষণীয় স্থান হিচাপে পৰিচিতি লাভ কৰিব বুলি মন্তব্য কৰে মানৱতাৰ বাণী উপস্থিত হোৱা থাই পৰ্যটকসকলে। মানৱতাৰ হকে কাম কৰিবলৈ আকুল আহ্বান জনায় এই পৰ্যটকসকলে।
শিৰোনামৰ ছবিঃ গুগল ইমেজ
Photo Courtesy: Google Image