Saturday, April 20, 2024
Homeবাতৰিসুধাকণ্ঠৰ নামেৰে উৎসৰ্গিত দেশৰ দীৰ্ঘতম ধলা–শদিয়া দলং

সুধাকণ্ঠৰ নামেৰে উৎসৰ্গিত দেশৰ দীৰ্ঘতম ধলা–শদিয়া দলং

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মুকলি কৰিলে ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰ্থাৎ দেশৰ দীৰ্ঘতম ধলা–শদিয়া দলংখন। যোৱা ২৬ মে’ত ‘ভুপেন হাজৰিকা সমন্বয় সেঁতু’ নামেৰে নামাকৰণ কৰা উক্ত দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ পথ যোগাযোগৰ ক্ষেত্ৰখনত দেশৰ দীৰ্ঘতম এই ধলা–শদিয়া দলংখনে এক অনন্য মাত্ৰা প্ৰদান কৰিব। পূৰ্বৰ এন ডি এ শাসিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ড’নাৰ মন্ত্ৰী চি পি ঠাকুৰে অনুমোদন দিছিল এই দীৰ্ঘতম দলংখনৰ।

১০ হাজাৰ কোটি ব্যয় সাপেক্ষ এই দলংখন ২০১১ চনৰ ৰাজ্যৰ তদানীন্তন চৰকাৰৰ সহযোগত হায়দৰাবাদস্থিত নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে। নৱনিৰ্মিত এই দলংখনে পথযোগাযোগত অসম–অৰুণাচলৰ মাজৰ ১৬৫ কি০ মি০ দুৰত্ব হ্ৰাস কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward