প্ৰকাশিত তাৰিখঃ ১৫ নৱেম্বৰ, ২০২২
চানডুবি নিউজ ডেস্ক –
পলাশবাৰী ৰাজহ চক্ৰৰ বৰিহাটত অৱস্থিত নৱোদয় আদৰ্শ বিদ্যা মন্দিৰে বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰিলে শিশু দিৱস। উক্ত দিৱস উপলক্ষে পুৱাৰ ভাগত সমাপন কৰে এক সাংস্কতিক শোভাযাত্ৰা। ইয়াৰ পিছৰ কাৰ্যসূচীত গীত–মাতৰ লগতে বক্তৃতা আৰু ভেশছন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
উল্লেখযোগ্য যে, বিদ্যালয়খনৰ শিশুহঁতে লিখা কবিতাৰে ‘এজাক বালিমাহী’ নামৰ কিতাপ এখন ছপা কৰি উলিয়ায়। উক্ত শিশু দিৱসৰ কাৰ্যসূচীতে কবিতা কিতাপখন উন্মোচন কৰে কণ্ঠশিল্পী, প্ৰাক্তন মইনা বনশ্ৰী মহন্তই।
ইপিনে, শিশু দিৱস উপলক্ষে আয়োজন কৰা ভেশছন আৰু বক্তৃতা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰে মেঘালী মহন্ত, ধ্ৰুৱজ্যোতি দাসে।
সদৌ শেষত শিশু দিৱসৰ কাৰ্যসূচী সফল কৰি তোলা প্ৰতিগৰাকীলৈ বিদ্যালয় কৰ্তৃপক্ষই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।