প্ৰকাশিত তাৰিখঃ ২৬ জুন, ২০২৩
চানডুবি নিউজ ৰিপ’ৰ্ট –
বৰশী বোৱা খাছিসকলৰ এক প্ৰাচীন পৰম্পৰা। বৰ্তমান এই পৰম্পৰাই প্ৰতিযোগিতাৰ ৰূপ লৈছে।
২৪ জুনত, মেঘালয়ৰ পশ্চিম ৰি–ভয় জিলাৰ নিউ জিৰাঙত আয়োজন কৰা হয় এক বৰশী বোৱা প্ৰতিযোগিতা। বাণিজ্যিক চহৰ পাথাৰখ্মাৰ (পাথাৰখামা)ৰ বাসিন্দা টি এছ লিংড’ৰ প্ৰচেষ্টাত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে, অসম–মেঘালয়ৰ পৰা প্ৰায় সহস্ৰাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাখনত। ৰাতিপুৱা ৯ বজাৰ পৰা ৩ বজালৈ চলা প্ৰতিযোগিতাখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমে– ৩০, ১২, ৮ হাজাৰ নগদ ধন প্ৰদান কৰা হয়। আনহাতে– ৪ৰ পৰা ১০ নং প্ৰতিযোগিক এহেজাৰকৈ নগদ প্ৰদান কৰা হয়।
ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ
Pix: Prabhat Rabha, Chandubi News