Thursday, May 2, 2024
HomeNEWSমই, মোৰ বন্দুক আৰু চাইকেলখন…..

মই, মোৰ বন্দুক আৰু চাইকেলখন…..

প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২৩

অভিজিৎ ৰাভা –

মই, মোৰ ৰাতিৰ লগৰী এই তাহানিৰ কাৰ্ট্ৰিজ বন্দুকটো 

আৰু এই তেলক’লী ফাপৰীঃ মোৰ

ককাদেউতাৰ কেৰকেৰীয়া সুৰৰ ৰাগ দিয়া

তেখেতৰে হা্ম্বাৰ বাইচাইকেলখন৷ 

আহিবচোন এটি হাঁহি মাৰি;

এহালিচা কথাৰ মৰণা মাৰিম, লগতে হাতত তুলি ল’ম

‘গেলা’ৰ বটল; ভাবিম আৰু সপোনে পাহৰা সপোন দেখিম৷

দুয়ো আমি ওলাই যাম, দুয়োৰে দুচকীয়া ফাপৰীৰ 

আসনত বহি ….

খেদি দিগন্ত ৰাতিৰ 

যাৰ আদি অন্ত নাই কেলেই, তাকেই বহু চিন্তা কৰি৷ 

পামগৈ বৰদৈঘাটৰ কাঠনি … য’ত

আমাৰ উমান পাই কাঠ খোৱা পহুৰ দল

চিটিকি ওফৰি

যাব আঁতৰি৷ 

কি হ’ল, মোৰ হালি-জালি যোৱা বন্ধু?

বলীয়া হৈছা নে গেলাৰ বটলে তোমাৰ 

দিঠক ধৰিলে ছানি?

বাটৰ মাজত নাচি থকা দেখিছা

কোনো পৰীৰ দেশৰ মুকুতাৰ 

চিকমিকনি?

ওপৰলৈ চকুহাল মেলি চোৱা … সেয়া

শাৰদী আকাশত জোনাকৰ ধল নমোৱা

চন্দ্ৰমা …..

ভালদৰে চোঁৱা … জোনাকৰে চিটিকনিকে ধৰিছে

বনৰজাৰ চকুৰ মণিয়ে!!!

মন যদি গৈছে তোমাৰ 

পৰীৰ দেশৰ মুকুতাৰ মালা পিন্ধিবলৈ

কোনো নজনা দেশৰ, কোনো 

নাকখৰা ভুতুনিৰ হিয়া কাঢ়িবলৈ?

(হেঃ, উপায় মোৰ আছে, কওঁনে?)

বনৰজাটোৰ হেজাৰ লগুৱামি কৰা

বহুবাৰ তাৰ খিদমত, আলপৈচানৰ শেষ নকৰিবা!

তেহে যদি দিয়ে তোমাক

জোনাকৰ চিটিকনিৰে ভৰা 

সেই পৰীৰে দেশৰ মুকুতা৷

ৰাতিৰ এন্ধাৰৰ পৰিধি,

বাঢ়িয়ে যায়চোন, একোকে নমনি৷

বন্ধু, বুঢ়ী-আইৰ থানলৈ ব’লা

তাতেই বহি হাতত ল’ম

বান্ধি অনা ভাতৰ কৌপতীয়া টোপোলা৷

থাকিব তাত অকন গুড়া কৰি অনা

ৰাভা চুঙাসুন্দৰী, ফিৰিঙী জলকীয়া আৰু নিমখ দেধাৰ ….

খাই থাকোঁতেই, আহিব ফেঁহুজালিৰ পৰ

পলাব নিশাৰ মনোহৰ এন্ধাৰ৷

জোনবাইটোৱে দুখ পাব ….

নিজৰ বয়স বঢ়া দেখি৷ 

বুঢ়া কাছবোৰে চকু টিপিয়াব আমাৰ ৰঙচালি দেখি৷ 

ভেঙুচিয়াব, সুহুৰিয়াব পলৰীয়া ভূতৰ পোৱালীবোৰে

আমি পিচে সাৰি যাম

নিজৰ পটলুন নস্ট কৰি৷

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ 

Title Pix: Chandubi News

(ড৹ অভিজিৎ ৰাভা ভাৰতীয় বন সেৱাৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বনবিষয়া)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward