Friday, April 19, 2024
HomeARTICLEমিকিৰ–বামুণী গ্ৰাণ্টৰ ভূমি আন্দোলন আৰু তপতজুৰি পাহাৰৰ বন্য হস্তীৰ মৃত্যু

মিকিৰ–বামুণী গ্ৰাণ্টৰ ভূমি আন্দোলন আৰু তপতজুৰি পাহাৰৰ বন্য হস্তীৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ১৪ জুন, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

এক দুখজনক খবৰে সমগ্ৰ ৰাজ্যখনক জোকাৰি গ’ল। অতি দূৰ্ভাগ্যজনকভাৱে মৃত্যু হ’ল কেইবাটাও বনৰীয়া হাতীৰ। যোৱা ১২ মে’ ২০২১ৰ ঘটনা। নগাঁও জিলা সদৰৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত অৱস্থিত তপতজুৰি অঞ্চলৰ লোকসকলে নিশা হাতীৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পাইছিল। সেইদিনা নিশা শুনিবলৈ পোৱা হাতীৰ চিঞৰ ভাহি আহিছিল বামুণী পাহাৰৰ ফালৰ পৰা। বামুণী পাহাৰৰপৰা নিশা ভাহি অহা হাতীৰ চিঞৰৰ উৎস বিচাৰি ৰাতিপুৱা স্থানীয় ৰাইজে বামুণী পাহাৰলৈ গৈছিল। উক্ত স্থানত উপস্থিত হৈ চেদেলি–ভেদেলিকৈ পৰি থকা হাতীৰ মৃতদেহ কেইবাটাও প্ৰত্যক্ষ কৰে। কি মৰ্মান্তিক দৃশ্য! উপস্থিত ৰাইজে লগেলগে বন বিভাগক খবৰ দিয়ে। ৰাইজৰ খবৰ লাভকৰা মাত্ৰে বন বিভাগৰ দল এটা উক্ত স্থানত উপস্থিত হয়। ৰাইজ, বন বিভাগৰলোকে ইফাল–সিফাল চোৱাৰ পাচত ১৮টাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰে।

যিসময়ত হাতীৰ মৰণকাতৰ চিঞৰ ভাহি আহিছিল সেই সময়ত বিজুলি ঢেৰেকণিৰে ডবালপিটা বৰষুণ চলি আছিল। গতিকে বজ্ৰপাতৰ ফলতেই হাতী কেইটাৰ মৃত্যু ঘটা বুলি প্ৰশাসন–বন বিভাগে প্ৰাথমিক তদন্তত কাৰক হিচাপে অভিমত প্ৰকাশ কৰে। প্ৰশাসন তথা বন বিভাগে এই অভিমত প্ৰকাশ কৰিলেও বজ্ৰপাতত ওঠৰটাকৈ হাতীৰ একলগে মৃত্যু হোৱা ঘটনা কোনো প্ৰকাৰে মানি ল’ব পৰা নাই স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী, বন্যপ্ৰাণী বিশেষজ্ঞসকলে। চৰকাৰৰ এই অভিমতক মানি নোলোৱাৰ কাৰণ– বজ্ৰপাতৰ ফলত মৃত্যু হ’লে হাতীকেইটাৰ দেহত যথেষ্ট ক্ষয়–ক্ষতি হ’লহেতেন। যেনে– দেহৰ ছাল–বাকলিও নিশ্চয় উঠি গ’লহেতেন। ওচৰে–পাজৰে ভালেখিনি গছ–গছনি, অন্যান্য জীৱ–অনুজীৱ আদিও ব্যাপক হাৰত ক্ষতিগ্ৰস্ত  হ’লহেতেন। বজ্ৰপাতৰ ফলত আমাৰ দেশত তেনে ঘটনা সংঘটিত নোহোৱাকৈ থকা নাই। ২০০৭ চনত পশ্চিম বংগৰ অৰণ্যত বজ্ৰপাতৰ ফলত পাঁচটাকৈ হাতীৰ মৃত্যু হৈছিল। বৈদেশীক ৰাষ্ট্ৰ নৰৱে’তো তেনে ঘটনা সংঘটিত হৈ বিশটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল। দুয়োটা ঘটনাতে মৃত্যু হোৱা হাতীকেইটা জুমপাতি আছিল। বজ্ৰপাতৰ ফলত ওচৰ–পাজৰৰ গছ–গছনি, অন্যান্য জীৱ–অনুজীৱ যথেষ্ট হাৰত ধ্বংস হৈছিল। কিন্তু বামুণী পাহাৰৰ দূৰ্ঘটনা সম্পূৰ্ণ বিপৰীত। অ’ত–ত’ত সিচৰত হৈ আছিল হাতীৰ মৃতদেহ সমূহ। তদুপৰি বজ্ৰপাতত ধ্বংস হোৱাৰো তেনে কোনো ছবি ৰাইজে দেখা পোৱা নাই। তেনেহ’লে হাতীকেইটাৰ মৃত্যুৰ কাৰণ কি?  

উল্লেখ যে, নগাঁও জিলাৰ বামুণী পাহাৰ, মিকিৰ বামুণী পাহাৰ, কন্দলী পাহাৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বুঢ়াপাহাৰলৈ এক বিস্তীৰ্ণ অঞ্চল বনৰীয়া হস্তীৰ বিচৰণ ভূমি। আজি নহয় বহু বছৰৰপৰাই এই অঞ্চল সমূহ বনৰীয়া হাতীৰ বিচৰণ ভূমি। এই বিচৰণ ভূমিৰ ওচৰে–পাজৰে আছে খেতিপথাৰ। য’ত– যুগ যুগ ধৰি মানুহে কৃষি কাৰ্য চলাই আহিছে। অঞ্চলটোত প্ৰায় দুশটামান বনৰীয়া হাতীয়ে বিচৰণ কৰে। ভাগে ভাগে বিচৰণ কৰা হাতীবোৰৰ চাল–চলন সাধাৰণতে খেতিবাতিৰ সময়ত বৃদ্ধি পায়। সেই সময়খিনিতে আৰম্ভ হয় হাতী–মানুহৰ সংঘাত। অৱশ্যে, খেতিবাতি শেষ হ’লে হাতী–মানুহৰ সংঘাত সমূহো কমি আহে। কাৰণ সেইসময়ত হাতীৰ বৃহৎ জাক সমূহ পাহাৰৰ গভীৰ অৰণ্যলৈ গুচি যায়। কেতিয়াবা নামি আহে, খাই–বৈ পুনৰ গুচি যায়। কিন্তু দহৰ পৰা বিশটা হাতী থকা জাকে অঞ্চলটোত দৈনিক বিচৰণ কৰে। তেনে এটি বনৰীয়া হাতীৰ জাক অঞ্চলটোৰপৰা পাহাৰলৈ উঠি যোৱাত বিফল হ’ল। বামুণী পাহাৰত শোকাৱহভাৱে মৃত্যু ঘটিল ১৮টাকৈ হাতী ।

বামুণী পাহাৰত ১৮টাকৈ বনৰীয়া হাতী অনাকাংশিতভাৱে মৃত্যু মুখত পৰিল, প্ৰকৃততে ইয়াৰ কাৰক কি? প্ৰাকৃতিক নে কৃত্ৰিম! ৰাইজে সন্দেহৰ আঙুলি টোৱাইছে এজিউৰ (Azure Power Limited) নামৰ এটা শক্তি কোম্পানীলৈ। এই কোম্পানীটোৱে মিকিৰ–বামুণী গ্ৰাণ্টৰ আঢ়ৈশ বিঘা ভূমিত এটি সৌৰ শক্তিৰ বৃহৎ প্ৰকল্প নিৰ্মাণ কৰি আছে। বিশাল পৰিমাণৰ খেতিপথাৰ লগতে পাহাৰৰ অঞ্চলৰ বহু ওপৰলৈ এই নিৰ্মাণ কাৰ্য চলি আছে। চাৰিওফালে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ টানি নিৰ্মাণকাৰ্য সম্পন্ন কৰি আছে। উক্ত কোম্পানীটোৰ নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি মিকিৰ–বামুণী গ্ৰাণ্টৰ ৰায়তসকলে আন্দোলন কৰি থকা আজি তিনি মাহ হ’ল। তদুপৰি জিলাখনৰ বিভিন্ন দল–সংগঠনেও এইকাৰ্যৰ বিৰোধিতা কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে। হাতীজাকৰ অনাকাংক্ষিত মৃত্যুৰ কাৰকবোৰ জানিবলৈ মিকিৰ–বামুণী গ্ৰাণ্টৰ ভূমি আন্দোলনৰ কিছুকথা জানিব লাগিব। হাতী–মাটি–মানুহ আৰু চৰকাৰ–কোম্পানী কাৰ মাজত কি সম্পৰ্ক সেয়াও জনাৰ চেষ্টা কৰিব লাগিব।

নগাঁও জিলাৰ চামুগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাত অৱস্থিত মিকিৰ–বামুণী গ্ৰাণ্টৰ সৰ্বমুঠ ভূমিৰ পৰিমাণ হ’ল ২৭৬ বিঘা। ইয়াৰ প্ৰধান বাসিন্দাসকল হ’ল কাৰ্বি আৰু আদিবাসী। বৃটিছ আমোলত উক্ত ভূমিখণ্ড জমিদাৰ পৰিয়ালৰ আছিল। ভূমিৰ নামজাৰী জমিদাৰৰ নামত থাকিলেও সেই সময়ৰেপৰা উক্ত ভূমিখণ্ডত কাৰ্বি আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলেহে খেতিবাতি কৰিছিল। ১৯৭১ চনত The Assam Temporary Settlement Area Tenancy Act গৃহীত কৰা হয়। এই আইন অনুসৰি কোনো এঠাইত একেৰাহে দহ বছৰ কৃষিকাৰ্য চলাই অহাসকল খতিয়ান লাভৰ যোগ্য। জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেইবছৰমান খাজানা আদায় দিলে সেই লোকসকলে ম্যাদী পট্টা লাভ কৰিব পাৰে। আইন অনুসৰি মিকিৰ–বামুণী গ্ৰাণ্টৰ জনগোষ্ঠীয় লোকসকলেও ১৯৮১ চনতে ভূমিৰ ৰায়তী খতিয়ান লাভ কৰিছিল। জিলা উপায়ুক্তৰ কাৰ্যালয়ত খাজানা পাতিও আদায় দিছিল কিন্তু ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

বৰ্তমান কাৰ্বি আৰু আদিবাসী লোকসকলে ভোগ দখল কৰি থকা ভূমি খণ্ড দিল্লীৱালা এটি কোম্পানীৰ হাতত গোটাই দিবলৈ চৰকাৰে প্ৰস্তুতি পৰ্ব সম্পূৰ্ণ কৰি তুলিছে। এই প্ৰস্তুতি ২০১৯ চনৰে চলি থকা এক সূত্ৰত প্ৰকাশ। ইতিমধ্যে, ২০২০ বৰ্ষতে মাটিৰ মালিক আৰু কোম্পানীৰ মাজত বিক্ৰী চুক্তিও সম্পাদন হৈছে। চৰকাৰী নীতি অনুসৰি– কোনো এজন লোকে লাভকৰা ৰায়তী খতিয়ান বাতিল নকৰা পৰ্যন্ত সেই ভূমিত একো কৰিব নোৱাৰে। কিন্তু মিকিৰ–বামুণী গ্ৰাণ্টত সকলো সম্ভৱ হৈছে। চৰকাৰী নীতি–নিয়ম ধোৱা চাঙত তুলি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এচাম প্ৰভাৱশালী বিষয়া–কৰ্মচাৰীয়ে সকলোবোৰ সম্ভৱ কৰি তুলিছে। যাৰ ফলত– পূৰ্বৰ ৰায়তীসকলৰ খতিয়ান বাতিল নকৰাকৈ বৃটিছ আমোলৰ জমিদাৰৰ গায়ত্রী গোহাঁই, জিতেন গোহাঁই, মৰমী আইদেউ, পংকজা আইদেউ, অনামিকা আইদেউ, আৰতি আইদেউ, মিনতি আইদেউ এইসকল সতি–সন্ততিসকলৰ নামত পুনৰ মাটিৰ নামজাৰী সম্পন্ন হৈ উঠিল। চৰকাৰী নীতি অনুসৰি– কষি ভূমিত কোনো উদ্যোগ গঢ়ি তুলিব নোৱাৰে। কৃষিক বাদ দি অন্যান্য কাম–কাজত ব্যৱহাৰৰ বাবে বেচা–কিনা কৰিব নোৱাৰে। কৃষি ভূমিক শ্ৰেণী পৰিৱৰ্তন কৰিব নোৱাৰে। হাতী কৰিড’ৰ বিক্ৰীৰ অযোগ্য, তাত উদ্যোগ গঢ়ি তুলিব নোৱাৰে। অঞ্চলটো হাতীৰ মুখ্য কৰিড’ৰ হোৱা বাবে সেই ভূমি বিক্ৰীৰ অযোগ্য। সেয়ে উক্ত ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ প্ৰয়োজন আহি পৰিল। চৰকাৰী বিধি অনুসৰি– কোনো এডোখৰ ভূমিত একেৰাহে দহ বছৰ ধৰি খেতি–বাতি নকৰিলে সেই ভূমি শ্ৰেণী পৰিৱৰ্তনৰ যোগ্য। বছৰ বছৰ ধৰি খেতিবাতি কৰি অহা সত্বেও আজি দহ বছৰ ধৰি সেই ভূমিত কোনো খেতিবাতিৰ কাম–কাজ চলা নাই বুলি স্বয়ং কৃষি বিভাগেই হেনো জিলা উপায়ুক্ত কাৰ্যালয়ক প্ৰতিবেদন দাখিল কৰিছে। বিপৰীতে– বন বিভাগেও সেই অঞ্চল বনৰীয়া হাতীৰ বিচৰণস্থলী নহয় বুলি প্ৰতিবেদন দাখিল কৰিছে। অথচ সেই ভূমিত হাতী–মানুহৰ সংঘাত নিয়মীয়া  ঘটনাৰ দৰে ঘটিয়েই থাকে। যদি সেই অঞ্চলটোত মানুহে খেতি নকৰে, যদি হাতীয়ে খেতি খাবলৈ ওলাই নাহে তেনেহ’লে হাতী–মানুহৰ সংঘাতবোৰ কিয় সংঘটিত হয়! হাতী, বনজ সম্পদ সুৰক্ষাৰ বাবেইতো বন বিভাগ গঠন কৰিছে। কৃষি কাৰ্যৰ দ্বাৰা কৃষকক অৰ্থনৈতিকভাৱে শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবেইতো কৃষি বিভাগ। যদি বিভাগীয় কৰ্তৃপক্ষই ওলোটা খৰ মাৰে তেনেহ’লে কৃষক ৰাইজৰ কিবা উপায় আছেনে?

ইপিনে, কৃষি বিভাগ আৰু বন বিভাগৰ প্ৰতিবেদন জিলা উপায়ুক্ত লাভ কৰাৰ লগেলগে মিকিৰ–বামুণী গ্ৰাণ্টৰ ৰায়তীসকলক উচ্ছেদ চলোৱাত সহজ হৈ পৰিল। চি আৰ পি, আৰক্ষীৰ বিশাল বাহিনী লৈ জিলা উপায়ুক্ত কাৰ্যালয়ে উচ্ছেদ কাৰ্যত নামি পৰিল। ২০২০ বৰ্ষটোৰ ৮ অক্টোবৰ তাৰিখত এজিউৰ কোম্পানীয়ে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত ২০০ বিঘা ভূমিত ফেন্সিং দিয়ে আৰু কৃষকৰ পকিবধৰা ধানৰ ফচল নষ্ট কৰি দিয়ে। এই কাৰ্যত প্ৰতিবাদ কৰা কৃষকৰ ১৪জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে য’ত ১২ দিন ন্যায়িক জিন্মাত থাকিব লগা হয়। উচ্ছেদ কাৰ্যৰ বিৰোধিতাৰে যোৱা জানুৱাৰী মাহৰপৰাই মিকিৰ–বামুণীৰ ৰাইজে সৰ্বাত্মক ৰূপত এক প্ৰতিবাদী ৰূপায়ন কৰি আহিছে। আজি পৰ্যন্ত সমূহীয়াভাৱে ধৰ্মঘট পালন কৰি আহিছে। মিকিৰ–বামুণী গ্ৰাণ্টৰ কৃষক আন্দোলনৰ কাৰ্যসূচীয়ে আজি ছয় মাহত ভৰি দিছে। কিন্তু চৰকাৰে প্ৰতাবাদী ৰাইজৰ লগত আলোচনাৰ পৰিৱৰ্তে পুলিচ, চি আৰ পি’ৰ হতুৱাই এফালৰ পৰা চলাই গ’ল অৱৰ্ণনীয় অত্যাচাৰ। বিগত দিনত চৰকাৰী বাহিনীৰ হাতত আন্দলনকাৰী কৃষকৰ বহুকেইজন পুৰুষ–মহিলা ঘূণীয়া হ’ল। আন্দোলনকাৰী চিকাৰী ৰংপিৰ পত্নী চম্পা তিমুংপীৰ গৰ্ভপাত ঘটিল অকল চৰকাৰী বাহিনীৰ অত্যাচাৰৰ ফলত।   

জয় জোৱান, জয় কিষাণ, কৃষকসকল দেশৰ ধৰণী এয়া হ’ল– কৃষি প্ৰধান ভাৰতবৰ্ষৰ অমৃত বাণী। দেশ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী জোৱানসকলৰ পিছৰ লাইনতে কৃষকসকলৰ স্থান। দেশৰ জনতাক এমুঠি অন্ন যোগান ধৰা কৃষকৰেই আজি বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে। তেনেক্ষেত্ৰত নিৰ্জু প্ৰাণী হাতীকেইটাৰ অনাকাংশিত মৃত্যুৰ কাৰকবোৰ চিনাক্ত হ’ব নে? কাৰকবোৰ মনপুত নহ’লে ৰাইজে আপত্তি দৰ্শাই খুউব বেছি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। তাতকৈ অন্য উপায় নাই। অৱশ্যে– ৰাইজে হাতেকামে একো কৰিব নোৱাৰিলেও অন্তঃত কাৰ লগত কাৰ কি সম্পৰ্ক সেই কাৰকবোৰ বুজাত অসুবিধা হোৱা নাই। ভালকৈ বুজি উঠিছে হাতী–মাটি–মানুহৰ সম্পৰ্ক বিঘ্নিত কৰিবলৈ যে মানুহৰেই এচাম জড়িত!

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward