প্ৰকাশিত তাৰিখঃ ১১ জানুৱাৰী, ২০২৩
চানডুবি নিউজ ৰিপ’ৰ্ট –
চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ আগন্তুক ত্ৰিবাৰ্ষিক মন্দিয়া অধিবেশনৰ আজি অৰ্থাৎ ১০ জানূৱাৰীত লাইখুটা স্থাপন কৰা হয়। ড০ দিলীপ বৰা, আব্দুল গণি খান আৰু ড০ হাফিজ আহমেদৰ দ্বাৰা আজি লাইখুঁটা স্থাপন কৰা হয়। প্ৰায় পাঁচ শতাধিক ৰাইজ, শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ ইছমাইল হোছেইন(জ্যেষ্ঠ)সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় লাইখুঁটা।
লাইখুঁটা স্থাপন অনুষ্ঠানটোত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি আব্দুল গণি খানে। লাইখুঁটা উন্মোচন কৰি বিশিষ্ট চিন্তাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই চৰ-চাপৰি সাহিত্য পৰিষদে ২০০৪ চনৰ পৰা নিৰলসভাবে গ্ৰন্থ প্ৰকাশ, নবীন লেখক-লেখিকাক অনুপ্ৰাণিত কৰা, আলোচনা চক্ৰ, সভা-সমিতিৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু বিস্তাৰৰ বাবে কৰি অহা প্ৰচেষ্টাৰ শলাগ লয়। ইছমাইল হোছেইন (জেষ্ঠ)ৰ আদৰ্শক অনুসৰণ কৰি পৰিষদে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু চৰ-চাপৰিবাসীৰ মাজত সমন্বয়ৰ সাঁকোৰূপে কাম কৰি থকা বুলি উল্লেখ কৰি বৰাদেৱে পৰিষদৰ আগন্তুক অধিবেশন সাফল্য মন্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।
ইপিনে, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদে সাহিত্য সংগঠনটোৰ জন্মৰ ক্ষেত্ৰত ড০ হীৰেন গোহাঁই, ড০ অমলেন্দু গুহ, ড০ নগেন শৰ্মা, ইছমাইল হোছেইন(জ্যেষ্ঠ) আদি মহান পুৰুষসকলৰ অৱদানৰ কথা দোহাৰে আৰু সেইসকল মহানপুৰুষলৈ শ্ৰদ্ধা নিবেদন কৰে। লগতে বৃহত্তৰ মন্দিয়া অঞ্চলৰ সকলোকে আগন্তুক অধিবেশন সফল কৰি তুলিবলৈ আহ্বান জনায়।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News