Tuesday, April 23, 2024
HomeUncategorizedবিজেপি’ৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যক্ৰম

বিজেপি’ৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যক্ৰম

প্ৰকাশিত তাৰিখঃ ১০ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে দেশ তথা সমাজ নিৰ্মাণৰ কাৰণে গ্ৰহণ কৰা আঁচনি তথা কৰ্মৰাজীৰ ওপৰত এক আলোকপাত।

এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰশিক্ষণ বিভাগৰ দ্বাৰা সমগ্ৰ ৰাজ্যখনত এক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইয়াৰ অংশ স্বৰূপে ৯ জানুৱাৰীত দক্ষিণ কামৰূপ জিলা মৰ্চাৰ বাটৰহাটস্হিত মূখ্যকাৰ্যলয় প্ৰেক্ষাগৃহত এক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়।  

এই প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলা মৰ্চা, মণ্ডল মৰ্চা আৰু ইয়াৰ অন্তৰ্গত ছয়টা সত্ৰৰ মাজৰ কৰ্মকৰ্তাৰ মাজত অনুষ্ঠিত হয়।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচী সঞ্চালনা কৰে প্ৰদীপ চৌধুৰী, ৰাজেন নাথ, কুশল মালাকাৰ আৰু ধনেশ্বৰ তালুকদাৰে।

এই কাৰ্যসূচীত জিলা মৰ্চা প্ৰশিক্ষণ বৰ্গৰ আহ্বায়ক ৰাতুল শৰ্মা, দক্ষিণ কামৰূপ জিলাৰ সভাপতি–সম্পাদক, প্ৰতিটো মণ্ডলৰ সভাপতি–সম্পাদক লগতে বিভিন্ন দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলো উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward