Friday, March 29, 2024
HomeNEWS১০৯ নং পাৰ্ল্লী বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ দ্বাৰা অনুদান

১০৯ নং পাৰ্ল্লী বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ দ্বাৰা অনুদান

প্ৰকাশিত তাৰিখঃ ১০ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পলাশবাৰী সমষ্টিৰ ১০৯ নং পাৰ্ল্লী বালক প্ৰাথমিক বিদ্যালয়। ১৯০১ চনত স্থাপন হোৱা এখন প্ৰাথমিক বিদ্যালয়। উল্লেখযোগ্য যে, ১৯০১ চনত স্ত্ৰী শিক্ষাৰ প্ৰচলন নাছিল। সেই বাবেই বালক প্ৰাথমিক বিদ্যালয় নাম ৰাখিছিল।

উক্ত প্ৰাথমিক বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা বহু সংখ্যক ছাত্ৰ–ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে নহয় বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা বহু সংখ্যক ছাত্ৰ–ছাত্ৰীয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ লগতে বহুজাতিক কোম্পানীত উচ্চ পদবী লাভ কৰিবলৈও সক্ষম হৈছে। সেইক্ষেত্ৰত বিদ্যালয়খনৰ এক গৌৰৱোজ্জল ইতিহাস আছে।

সেইসকল প্ৰাক্তন ছাত্ৰৰ কেইগৰাকীমানে একালত নিজে অধ্যয়ন কৰা বিদ্যালয়খনলৈ ৮০ হেজাৰ টকা মূল্যৰ আচবাব আগবঢ়ায়। বিদ্যালয়খনলৈ অনুদান আগবঢ়োৱা– ভোলাৰাম দাস (৮১), নগেন কলিতা (৬৩), লক্ষী কাকতি (৬২), সোন কলিতা (৪৮), জয়ন্ত কুমাৰ দাস (৪৫), জয়দেৱ বৰা (৪১), উৎপল মালী (৩৫) এইসকল প্ৰাক্তন ছাত্ৰ বৰ্তমান চৰকাৰী চাকৰি, ব্যৱসায়েৰে একো একোগৰাকী প্ৰতিষ্ঠিত ব্যক্তি। উল্লেখ্য যে, নগেন কলিতা আৰু লক্ষী কাকতিয়ে ইতিমধ্যে শিক্ষা বিভাগৰ পৰা ক্লাষ্টাৰ ৰিচ’ৰ্ছ চেণ্টাৰ কো–অৰ্ডিনেটৰ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ লগতে জয়ন্ত কুমাৰ দাসে এতিয়াও এই পদবীত কাৰ্যনিৰ্বাহ কৰি আছে।

এইসকল ব্যক্তিৰ সন্মানৰ অৰ্থে আজি অৰ্থাৎ ৯ জানুৱাৰীত বিদ্যালয় কৰ্তৃপক্ষই এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। বিদ্যালয় প্ৰাঙ্গনত আয়োজিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে সোন কলিতাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষয়িত্ৰী চুনু কলিতাই। বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ–ছাত্ৰী ক্ৰমে– পূজা কলিতা, মানস দাস, পপী বৰা, ডিম্পী বৰা, নিলমণি দাস, দেৱজিৎ দাস, ৰাহুল কলিতা, প্ৰতিষ্ঠা দাস, ধ্ৰুৱজিৎ কলিতাই আজিৰ অনুষ্ঠানত দাতাসকলক ফুলাম গামোচাৰে সন্মান যাঁচে।

আজিৰ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে ৰামপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া ৰবি ভাৰতীয়ে অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত শিক্ষা বিষয়াগৰাকীয়ে ‘বিদ্যালয়ৰ লগত সমাজৰ সম্পৰ্ক গভীৰ হ’লে বিদ্যালয়ৰ সকলো দিশত উন্নতি ঘটে’ বুলি এক গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। লগতে বিভিন্ন শিক্ষাখণ্ডৰ অধীনৰ ক্লাষ্টাৰ ৰিচ’ৰ্ছ চেণ্টাৰ কো–অৰ্ডিনেটৰ নিৰঞ্জন দেউৰী, সীমান্ত শৰ্মা, মিতুল দাস, ইন্দ্ৰজিৎ কৈৱৰ্তই উপস্থিত থাকে।

আনহাতে, ড বি আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেচন, নৰ্থ–ইষ্ট ৰিজনৰ ট্ৰাষ্টী কল্যাণ শৰ্মা আৰু সংস্থাটোৰ শোণিতপুৰ জিলাৰ সভাপতি ভদ্ৰেশ্বৰ দাসে বিশেষ অতিথিৰূপে উপস্থিত থাকে।   

আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰী, সহঃশিক্ষয়িত্ৰী ৰীতা দাস, নিবেদিতা দাস, পৰিচালনা সমিতিৰ বিষয়ববীয়া লগতে অভিভাৱক সকল উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward