Friday, April 19, 2024
HomeARTICLEনতুন ৰূপত অসম কৃষি বিভাগ

নতুন ৰূপত অসম কৃষি বিভাগ

প্ৰকাশিত তাৰিখঃ ৯ জানুৱাৰী, ২০২৩

কল্প ৰঞ্জন গগৈ –

অসমৰ প্ৰথম বৰবৰুৱা মোমাই তামুলীক ১৭শতিকাৰ মধ্যযুগৰ কৃষি উৎপাদন আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত বুলি গণ্য কৰিব পাৰে। প্ৰাক ঔপনিবেশিক– ঔপনিবেশিক আৰু ঔপনিবেশিকউত্তৰ– তিনিও যুগৰে অসমৰ অৰ্থনীতি কৃষি ভিত্তিক। বৰ্তমানে অসমৰ গাঁও হৈছে ২৬,৩৯৫খন আৰু তাৰ বিপৰীতে ৪৭লাখ হেক্টৰৰ পথাৰ, ২.৫ লাখ হেক্টৰ ৭৬৭খন বহুজাতিক নিগমৰ চাহ বাগিছা আৰু ১.৫ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ১.৫ লাখ হেক্টৰ চাহ খেতি। পথাৰ সংকোচন হ’লেও থলগিৰি চাহখেতিয়ক বাঢ়িছে যদিও থলৰ খেতিয়কসকলক চাহখেতিয়ে প্ৰকৃত লাভ দিব পৰা নাই কাৰণ এই খেতিয়ক উৎপাদনৰ পৰা খোৱা টেবুললৈ যাওঁতে বৃহৎ বাগিছাৰ ওপৰত নিৰ্ভৰশীল (From Farm to the Plate)।

কৃষি বিভাগৰ সম্পদ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে চৰকাৰী আঁচনি নাই অথচ বহু কৃষি স্নাতক চাহ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ (Tea Husbandary and Technology) ছাত্ৰ। কিছু অংশ চাহ উদ্যোগৰ চাকৰীয়াল হ’লেও সিংহভাগে হয় বিভাগৰ কৃষি বিষয়া অথবা কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক, বিজ্ঞানী অথবা সম্প্ৰসাৰণৰ বিশেষজ্ঞ।

কৃষি বিভাগ নিজেই এটা কাৰিকৰী বিভাগ– বিশেষকৈ আজিৰ দিনত। আমি পঢ়ি থাকোতে আন্দোলন কৰিছিলো– ক) Pay Scale and Status Raise আৰু খ) ইয়াক Technical Department ৰূপে স্বীকৃত। প্ৰথমটো সফল দ্বিতীয়টো বিফল।

সেয়ে আজি বিভাগৰ বিষয়াসকলে জ্ঞান প্ৰযুক্তি বিতৰণৰ ঠাইত সামগ্ৰী (Inputs) বিতৰণৰ ক্ষেত্ৰতহে ব্যস্ত। আদাৰ বেপাৰী হৈ জাহাজৰ খবৰতহে ব্যস্ত। সঁচা অৰ্থত ‘আদাৰ খেতিয়ক হৈ ঠোঙা বনোৱাৰ কামতহে ব্যস্ত’।

তেনে এক বাস্তৱ পৰিস্থিতিয়ে প্ৰকৃততে এটা নতুন চিন্তাৰ প্ৰয়োজনীয়তাৰ কথাকে কয় (A New Line Thingking)। ইয়াৰ কাঠামো (Framework) কেনে হ’ব সেই বিষয়ে চিন্তা কৰা বিশেষজ্ঞৰ নিশ্চয় অভাৱ হোৱা নাই।

এফালৰ পৰা চাব গ’লে গৰুৱে হাল বাই, খেতিয়কে ৰোৱাৰ পৰা চপোৱালৈকে কাম কৰে। বজাৰে দাম নিয়ন্ত্ৰণ কৰে। উপভোক্তাসকলে খাদ্য কিনে। তাত কৃষি বিষয়া–বিশেষজ্ঞৰ কাম কি? গতিকে কৃষি বিভাগৰ প্ৰয়োজন ক’ত? ইফালে উপভোক্তা এজনে বজাৰত যি দাম দিয়ে তাৰে কিমান অংশ উৎপাদকজনে পায়?

পাইকসকলে খেতি কৰিছিল ৰাজভঁৰাল শকত কৰিবলৈ। আজিৰ পাইকসকলে? ঔপনিবেশিক যুগৰ খেতিয়কসকলে একা?

তেনেহ’লে স্বাধীন দেশৰ কৃষি বিভাগৰ ডাঙৰীয়াকলে খেতিয়কসকলক সেৱা কেনেদৰে কৰিব?

খেতিয়ক লাগিব, খাদ্যৰ ভঁৰালো লাগিব কিন্তু কৃষি বিভাগৰ কামৰ পদ্ধতি সলাব লাগিব। এখন নতুন কৃষি নীতি লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward