Friday, April 19, 2024
HomeNEWSঅৰিয়েঞ্চ গ্ল’বেল প্ৰাইভেট লিমিটেডৰ জীৱনশৈলী বিকাশ আৰু স্বীকৃতি অনুষ্ঠান

অৰিয়েঞ্চ গ্ল’বেল প্ৰাইভেট লিমিটেডৰ জীৱনশৈলী বিকাশ আৰু স্বীকৃতি অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ৯ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ মিৰ্জা শ্বহীদ ভৱনত অৰিয়েঞ্চ গ্ল’ৱেল প্ৰাইভেট লিমিটেডৰ ইউনিক অসম টীমৰ আমজেদ আলী, যোগেশ দাস, নৱ কলিতা, মুকুট আলি, ৰেখা তালুকদাৰৰ তৎপৰতাত আজি অৰ্থাৎ ৮ জানুৱাৰীত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়।

বৰ্তমান সময়ত দেশত নিবনুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। বৰ্ধিত মূল্য বৃদ্ধিয়ে দেশৰ সাধাৰণ জনতাক জুৰুলা কৰি পেলাইছে। সেই সময়ত অৰিয়েঞ্চ গ্ল’ৱেল প্ৰাইভেট লিমিটেডে মানুহৰ জীৱনশৈলী পৰিৱৰ্তনৰ হকে কাম কৰি আহিছে। মানুহে এই কোম্পানীটোৰ পৰা বিভিন্ন ধৰণে লাভান্বিত হৈছে। বিশেষকৈ বিভিন্ন জটিল বেমাৰ এই কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ দ্বাৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানত এইবোৰ সা–সুবিধাৰ বিষয়ত বিশদভাৱে আলোচনা কৰা হয়।

উল্লেখযোগ্য যে, এই কোম্পানীটোৰ সৈতে বহুলোক জড়িত হৈ পৰাৰ লগতে বহু সংখ্যকে অৰ্থনৈতিকভাৱে সফলতাও অৰ্জন কৰিছে। সফলতা অৰ্জন কৰা এইসকল ব্যক্তিক আজি ফুলাম গামোছা, জাপি আৰু ট্ৰফিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ জীৱনশৈলী বিকাশ আৰু স্বৈকৃতি অনুষ্ঠানত ক্ৰমে– ৰ’য়েল ডাইমণ্ড– জাহিদুৰ ৰহমান, আমজেদ আলি, ছিক্স ডাইমণ্ড– নব কলিতা, ৰেখা তালুকদাৰ, মুকুট আলিক লগতে ফ’ৰেইন ট্যুৰ এচিভাৰ– ৩জন, কাৰ এচিভাৰ– ৩জন, ৰেডিচন ব্লু’ এচিভাৰ– ৩জন, ফাইভ ডাইমণ্ড– ৫জন আৰু ফ’ৰ ডাইমণ্ড– ২২জনকৈ লোকক সম্বৰ্দ্ধনা জনোৱা হয়।     

আজিৰ অনুষ্ঠানটোত বাণিজ্যিক প্ৰৱন্ধক অঞ্জন বুঢ়াগোহাই, ডা মৃগাক্ষী দাস আৰু অৰিয়েঞ্চৰ জিডি বিল্লাল আহমেদ উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward