Friday, March 29, 2024
HomeNEWSবিশ্ববাসীলৈ নিবেদন চানডুবিৰ জৈৱ–বৈচিত্ৰ সংৰক্ষণৰ ধ্বনি  

বিশ্ববাসীলৈ নিবেদন চানডুবিৰ জৈৱ–বৈচিত্ৰ সংৰক্ষণৰ ধ্বনি  

প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

৫ জানুৱাৰী চানডুবি উৎসৱৰ অন্তিমটো দিন। পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা চানডুবি উৎসৱৰ দৰ্শনাৰ্থী–পৰ্যটকৰ উৎসাহজনক উপস্থিতিত এই দিনটোত সফল সামৰণি পৰিল। সামৰণি উৎসৱৰ প্ৰথম কাৰ্যসূচী ভিন্নৰঙী সাংস্কৃতিক অনুষ্ঠানত থলুৱা জনগোষ্ঠীয় নৃত্য–গীতৰ সমাহাৰ ঘটে। এই অনুষ্ঠানৰ মাজে মাজে উৎসৱ উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতা সমূহত স্থান প্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হয়।

চানডুবি উৎসৱৰ অন্তিম কাৰ্যসূচী সামৰণি শিৱিৰ। আয়োজক সমিতিৰ মুখ্যকাৰ্যালয় তথা অতিথিশালাৰ পৰা সামৰণি শিৱিৰলৈ এক ৰং–বিৰংৰ সাংস্কৃতিক শোভাযাত্ৰা কৰে।

উল্লেখযোগ্য যে, ৰাভা সম্প্ৰদায়ৰ নীতি–নিয়ম অনুসৰি জনগোষ্ঠীটোৰ প্ৰধান দেৱতা ‘লাঙাবুৰা’লৈ পূজা–অৰ্চনা নিবেদন কৰি সামৰণি শিৱিৰৰ মেজিত অগ্নি সংযোগ কৰে। লগে লগে হৰ্ষধ্বনিৰ মাজত আৰম্ভ হয় ৰাভাসকলৰ কৃষিভিত্তিক বিহুগীত অৰ্থাৎ হামজাৰ গীত–নৃত্য। ডেকা–ডেকেৰী, বুঢ়া–বুঢ়ীৰ নাচত, খাম, ঢোল–মাদলৰ শব্দত ৰজনজনাই উঠে সমগ্ৰ বিলৰ বাকৰি। ‘শিৱিৰ সামৰণি’ চানডুবি উৎসৱৰ এক মনোমহা অনুষ্ঠান। এই অনুষ্ঠানটো ওচৰৰ পৰা চাবলৈ দৰ্শনাৰ্থী–পৰ্যটকৰ যথেষ্ট সমাগম ঘটে।

সদৌ শেষত বছৰটোত কৃষিৰ উভৈনদী কামনাৰে ‘লাঙাবুৰা’ ‘বায়খো’ আৰু সমাজৰ পৰা অসূয়া–অপ্ৰীতিবোৰ দূৰ হোৱাৰ কামনাৰে অগ্নি, বায়ু আদি শক্তিৰ দেৱতাসকলৰ ওচৰত প্ৰাৰ্থনা কৰে। চানডুবিৰ জৈৱ–বৈচিত্ৰ ৰক্ষাৰ হকে ‘চেভ চানডুবি, চেভ হেৰিটেজ’ ধ্বনি বিশ্ববাসীৰ ওচৰত নিবেদন কৰি উৎসৱৰ সকলো কাৰ্যসূচীৰ সামৰণি মাৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward