Saturday, April 20, 2024
HomeNEWSচানডুবি উৎসৱৰ তৃতীয় দিনঃ দৰ্শনাৰ্থীৰে উদুলি–মুদুলি বিলৰ বাকৰি

চানডুবি উৎসৱৰ তৃতীয় দিনঃ দৰ্শনাৰ্থীৰে উদুলি–মুদুলি বিলৰ বাকৰি

প্ৰকাশিত তাৰিখঃ ৩ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজিৰ পৰা দুই–তিনিটা দশকৰ কথা। সামাজিক বা ৰাজনৈতিক বিভিন্ন কাৰণত বিশাল বুকুৰ পৰা প্ৰাকৃতিক ধ্বংস হৈ গৈছে। চানডুবিৰ পাৰৰ মূল্যৱান গছ–গছনি কাটি তহিলং কৰি দিছে। তাৰ পিছত পাৰিপাৰ্শ্বিকতা, জীৱকূলৰ ওপৰত যি প্ৰভাৱ, মানৱ জীৱন–ধাৰণৰ প্ৰতি যি ভাবুকি তাক নাইকীয়া কৰি প্ৰকৃতিক সুন্দৰভাৱে আগবঢ়াই নিবৰ বাবে নতুন মনেৰে, নতুন চিন্তাৰে চানডুবিক নতুনকৈ গঢ় দিবলৈ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই প্ৰয়াস কৰি আহিছে। সেই প্ৰসায়ৰে সৃষ্টি চানডুবি উৎসৱ।

আজি চানডুবি উৎসৱৰ তৃতীয়টো দিন। থলুৱা জনগোষ্ঠীয় গীত–মাতেৰে উদুলি–মুদুলি হৈ থকা উৎসৱৰ বাকৰিত আজিও দৰ্শনাৰ্থীৰ যথেষ্ট সমাগম দেখা যায়।

আজিৰ কাৰ্যসূচী খুটিখেল প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত ‘পৰম্পৰাগত জীৱন শৈলীত থলুৱা  বাঁহৰ ভূমিকা আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ বহুল সম্ভাৱনা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। নিখিল ৰাভা সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট বাঁহ শিল্পী মাটিৰাম ৰাভাই পৌৰহিত্য কৰা আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড শচীন বৰঠাকুৰ, পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰা, এম্প্ৰি অ’ৰেঞ্জ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সঞ্চালক দীপক বৰুৱাই আলোচক হিচাপে অংশ গ্ৰহণ কৰি বহুমূলীয়া বক্তব্য দাঙি ধৰে।

উল্লেখ্য যে, উৎসৱৰ বাকৰিত আজি শিৱসাগৰ জিলাৰ টাই–আহোম ৰিচাৰ্জেনচ ছ’চাইটীৰ শিল্পীসকলে ‘লাইলুংখাম’ আৰু গোৱালপাৰা জিলাৰ হাজং জনগোষ্ঠীৰ শিল্পীসকলে ‘বিচুৱা’ লগতে ৰাভা, বড়ো জনগোষ্ঠীৰ শিল্পীসকলেও বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward