Monday, December 23, 2024
Homeবাতৰিশ্বিলঙত চেৰি ব্লু’জম ফেষ্টিভেলৰ আয়োজন   

শ্বিলঙত চেৰি ব্লু’জম ফেষ্টিভেলৰ আয়োজন   

প্ৰকাশিত তাৰিখঃ ৬ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

প্ৰকৃতিৰ ৰাণী মেঘালয় এতিয়া ৰং বিৰঙৰ ফুলেৰে উজলি উঠিছে। প্ৰতি বছৰৰ নৱেম্বৰ মাহৰ পৰা মেঘালয়ে এই ৰূপ সলনি কৰে। বৰ্তমান চেৰি ফুলৰ গুলপীয়া ৰঙে সমগ্ৰ ৰাজ্যখনক উজলাই তোলাৰ সময়তে মেঘালয়ত আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় চেৰি ফুলৰ উৎসৱ।

অহা ৮ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ ৰাজধানী চহৰ শ্বিলঙত আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় চেৰি ফুল উৎসৱ। মেঘালয় চৰকাৰৰ উদ্যোগত লগতে দ্য ইণ্ডিয়ান কাউন্সিল অৱ কালচাৰেল ৰিলেচন আৰু ইম্ফলৰ ইনষ্টিটিউট অৱ বায়’ৰিছ’ৰ্চেছ এণ্ড ছাছটেইনএবল ডেভেলপমেণ্টৰ সহযোগত অনুষ্ঠিত কৰা উৎসৱে এইবেলি দ্বিতীয় বৰ্ষত ভৰি দিলে।

শ্বিলঙত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ডা মুকুল চাংমাই এইবাৰৰ চেৰি ফুলৰ উৎসৱ ‘চেৰি ব্লু’জম ফেষ্টিভেল’ত প্ৰায় পঞ্চাশ হাজাৰ দেশী–বিদেশী পৰ্যটকৰ আগমণ ঘটিব বুলি প্ৰকাশ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ   

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward