Wednesday, May 15, 2024
Homeবাতৰিঅসম–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ আৰু কিমান বছৰ লাগিব ?

অসম–বাংলাদেশ সীমান্ত ছীল কৰিবলৈ আৰু কিমান বছৰ লাগিব ?

প্ৰকাশিত তাৰিখঃ ৬ নৱেম্বৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এন ডি এ চৰকাৰখনৰ প্ৰতি ৰাইজৰ মোহ ভংগ হ’বলৈ বেছি দিন নালাগিল। তিনিটা বছৰতে উন্মোচিত হ’ল কেন্দ্ৰীয় চৰকাৰৰ অসম প্ৰীতিৰ নমুনা। যি দলৰ চৰকাৰ কেন্দ্ৰত অধিস্থিত হ’লে অসম–বাংলাদেশ সীমান্ত ছীল কৰি বাংলাদেশীৰ অবাধ হাৰৰ প্ৰব্ৰজন ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ প্ৰকৃত স্বৰূপ তিনিটা বছৰতে ৰাইজে ভালকৈ বুজি পালে। সীমান্ত ছীল কৰি দি বাংলাদেশী ৰোধ কৰা দূৰৰ কথা, ৰাজ্যখনত দিনে দিনে অবৈধ নাগৰিকৰ প্ৰৱেশ বৃদ্ধিহে হৈ থাকিল।

অসমত বিজেপিৰ চৰকাৰ ক্ষমতাত আহিলে অবৈধ বাংলাদেশী প্ৰব্ৰজন ৰোধৰ বাবে সেনাৰ হাতত অসম–বাংলাদেশ সীমান্ত পহৰাৰ দায়িত্ব অৰ্পনৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। বাংলাদেশীসকলে টালি–টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি কৈছিল। বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপি দলৰ চৰকাৰ থকাৰ পিচতো কেইজন বাংলাদেশী টালি–টোপোলা বান্ধি অসম এৰি গুচি গ’ল? আৰু সীমান্ত পহৰাৰ দায়িত্ব সেনাৰ হাতত অৰ্পণৰ প্ৰতিশ্ৰুতিবোৰ অতীত হ’ল নেকি? টালি–টোপোলা বান্ধি ক’তনো গ’ল বাংলাদেশী ওলোটাই অসমতহে প্ৰৱেশ কৰিলে।

অলপতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত ৰাইজে আটক কৰিলে অসমীয়া ক’ব নজনা আৰু বুজি নোপোৱা এজাক সন্দেহজনক নাগৰিক। অসমীয়া ক’ব নজনা আৰু বুজি নোপোৱাত স্থানীয় লোকে তেওঁলোকক বাংলাদেশীৰ সন্দেহত আটক কৰি প্ৰশাসনত চমজাই দিয়ে।

এই সন্দৰ্ভত শাসনৰ গাদীত থকা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ কৰণীয় একো নাই নেকি? সকলো ক্ষেত্ৰতে কেন্দ্ৰৰ সুৰতে সুৰ মিলাই যোৱা পৰিলক্ষিত হৈছে। শাসনৰ গাদীত থকা নেতাবোৰে নিৰ্বাচনৰ আগত কৈছিল অসমত বিজেপিয়ে ক্ষমতা দখল কৰিব পাৰিলে প্ৰথমে অসম–বাংলাদেশ সীমান্ত ছীল কৰাত অগ্ৰাধিকাৰ দিব বুলি। কিন্তু কেন্দ্ৰৰ এন ডি এ চৰকাৰখনৰ তিনি বছৰীয়া শাসনকালত অসম–বাংলাদেশ সীমান্তৰ ২৮০.০৬ কিলোমিটাৰ দৈৰ্ঘৰ বিপৰীতে ২০৮.৬৫ কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পন্ন হ’ল যদিও এই পৰ্যন্ত ৭১.৪১ কিলোমিটাৰ মুকলি উন্মুক্ত হৈয়েই থাকিল। চৰকাৰক আৰু কিমান বছৰ লাগিব সীমান্তৰ বাকী থকা অঞ্চলৰ কাইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ কৰিবলৈ ?    

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward