Thursday, May 16, 2024
Homeবাতৰিজনতাৰ প্ৰতিবাদত সাহিত্যৰথীৰ সম্বলপুৰৰ বাসভৱন সংৰক্ষণৰ সিদ্ধান্ত ওড়িশা চৰকাৰৰ

জনতাৰ প্ৰতিবাদত সাহিত্যৰথীৰ সম্বলপুৰৰ বাসভৱন সংৰক্ষণৰ সিদ্ধান্ত ওড়িশা চৰকাৰৰ

প্ৰকাশিত তাৰিখঃ ৬ নৱেম্বৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

দীৰ্ঘদিনৰ উৎকণ্ঠাৰ ওৰ পেলাই ওড়িশা চৰকাৰে ধ্বংসৰ সলনি এক পৰ্যটন ক্ষেত্ৰৰূপে সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰত থকা বাসভৱন। এয়া অসমবাসীৰ বাবে নিত্তান্তই এক আশাৰ বতৰা।

উল্লেখ্য যে সম্বলপুৰৰ যিখন ঠাইত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসভৱন আছিল তাৰ কাষত এখন গোলপাৰ্ক নিৰ্মাণৰ সিদ্ধান্ত লৈছিল ওড়িশা চৰকাৰে। ৯টা পথেৰে সংযোগ কৰিবলগীয়া পাৰ্কখনৰ এটা পথ সাহিত্যৰথীৰ বাসভৱনৰ মাজেৰে গৈছিল। সেয়ে সাহিত্যৰথীৰ বাসভৱন ভাঙি দি পাৰ্কৰ পথটো নিৰ্মাণৰ সিদ্ধান্ত লৈছিল ওড়িশা চৰকাৰে।

ওড়িশা চৰকাৰৰ এই সিদ্ধান্তৰ কথা বিশিষ্ট সাংবাদিক তথা লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি দীপক কুমাৰ পাণ্ডেই অসমৰ বিভিন্ন ব্যক্তি, দল–সংগঠনক অৱগত কৰে। এই সংবাদ লাভৰ পিচতেই অসমৰ বিভিন্ন ব্যক্তি, দল–সংগঠনে প্ৰতিবাদ মুখৰ হৈ পৰে। সমান্তৰালভাৱে ওড়িশাৰ স্থানীয় সংগঠনসমূহেও ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে টেলিফোনিক বাৰ্তা কৰি ৰসৰাজৰ স্মৃতি বিজড়িত বাসভৱন সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছিল। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ আলোচনাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দ’লে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া কোষৰ উপদেষ্টা হৃষিকেশ গোস্বামীক ওড়িশালৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে।

বিশিষ্ট সাংবাদিক তথা লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি দীপক কুমাৰ পাণ্ডেই  ৰসৰাজৰ বাসগৃহ এটি অমূল্য সম্পদ ই এটা সাধাৰণ গৃহ নহয় আৰু ইয়াক সূৰক্ষা কৰিব লাগে বুলি এক প্ৰতিবাদী সভাত ওড়িশা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল। অৱশেষত জনতাৰ তীব্ৰ হেচাত সম্বলপুৰৰ জিলা উপায়ুক্তই ৰসৰাজৰ বাসগৃহ সংৰক্ষণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদী জনতা শান্ত হৈ পৰে। সাহিত্যৰথীৰ বাসগৃহ সংৰক্ষণ কৰি ৰাখিবলৈ বিষয়টো চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব বুলি সংবাদ মাধ্যমত প্ৰতিশ্ৰুতি দিবলগীয়া হয় সম্বলপুৰৰ স্থানীয় বিধায়িকাগৰাকীয়ে। অৱশেষত অসমৰ বিভিন্ন ব্যক্তি, দল–সংগঠন আৰু ওড়িশাৰ সম্বলপুৰৰ স্থানীয় লোকৰ প্ৰতিবাদত সেও মানি চৰকাৰে সাহিত্যৰথীৰ বাসভৱন সংৰক্ষণৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে ১ নৱেম্বৰত অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দ’লে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে ভূৱনেশ্বৰত এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ মুখ্যমন্ত্ৰীলৈ পঠিওৱা শুভবাৰ্তাও অৱগত কৰে।

আলোচনাকালত সাহিত্যৰথীক ব্যক্তিগতভাৱে গভীৰ শ্ৰদ্ধা কৰা বুলি প্ৰকাশ কৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। এই মহান সাহিত্যিকগৰাকীয়ে অসম আৰু ওড়িশাৰ মাজত সাহিত্য–সাংস্কৃতিক উন্নীতকৰণৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছিল। সেয়ে এই মহান ব্যক্তিগৰাকীৰ স্মৃতি বিজড়িত বাসভৱন সংৰক্ষণ কৰা হ’ব। সাহিত্যৰথীৰ বাসভৱন সংৰক্ষণৰ ক্ষেত্ৰত সমষ্ট ব্যয় ওড়িশা চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰে।

উক্ত আলোচনাত অংশগ্ৰহণ কৰে ওড়িশা চৰকাৰৰ ৰাজ্যিক পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক কুমাৰ পাণ্ডে আৰু কলকাতাস্থিত অসম ভৱনৰ ট্ৰেড এডভাইজাৰ আৰু ডাইৰেক্টৰ অৱ মোভমেণ্ট দেবাশিস চক্ৰৱৰ্তীয়ে। আলোচনাত অংশগ্ৰহণ কৰি সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে কয়– ৰসৰাজৰ বাসভৱন সংৰক্ষণৰ কাৰণে পুঁজিৰ অভাৱ নাই। তাৰবাবে প্ৰথমাৱস্থাত ৫০ লাখ টকা মোকলাই দিয়া হ’ব আৰু প্ৰয়োজনত অধিক পুঁজি মোকলাই দিবলৈ সাজু আছে ওড়িশা চৰকাৰ।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward