Wednesday, May 15, 2024
Homeবাতৰিভাৰতত ২০১৯ত ফিফা ২০ অনুৰ্ধ্বৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ভাৰতত ২০১৯ত ফিফা ২০ অনুৰ্ধ্বৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

১৭ অনুৰ্ধ্বৰ ফিফা বিশ্বকাপ আয়োজনত সফল হোৱা বাবে আগন্তুক ২০১৯ত ২০ অনুৰ্ধ্বৰ বিশ্বকাপ ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি প্ৰফুল্ল পেটেলে।

উল্লেখ্য যে ২১ অক্টোবৰত গুৱহাটীৰ সৰুসজাই ষ্টেডিয়ামত মিক্সড জ’নত সাংবাদিকৰ সৈতে হোৱা এক আলাপত মিলিত হয়। এই সন্দৰ্ভত তেখেতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে ২০ অনুৰ্ধ্ব বিশ্বকাপ আয়োজনৰ বাবে ফিফাৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰি সঁহাৰি লাভ কৰা বুলি জনাইছে।

সভাপতিগৰাকীয়ে পুনৰ কয় যে ১৭ অনুৰ্ধ্ব বিশ্বকাপ আয়োজনত সফল হোৱাত ফিফা সন্তুষ্ট হৈছে। ইতিমধ্যে ভাৰতত বিশ্বকাপ আয়োজনৰ পৰিকাঠামোও গঢ়ি উঠিছে। সেয়ে সমাগত প্ৰতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি নহয় বুলি মত প্ৰকাশ কৰে। ছিনিয়ৰ বিশ্বকাপ আয়োজনৰ বাবে ভৱিষ্যতে ভাৰতে দাবী কৰিব নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ভাৰতে পৰ্যায়ক্ৰমেহে আগুৱাই যাব বিচাৰিছে। যদিও এয়া আৰম্ভণিহে হৈছে। আহি থকা সময়ত যদি সকলোবোৰ ঠিকে থাকে তেনেহ’লে এই সম্ভাৱনা একেবাৰে অমূলক নহয় বুলি প্ৰকাশ কৰে।

উত্তৰ–পূবৰ ফুটবলৰ উন্নতিৰ বাবে ভাৰতীয় ফুটবল ফেডাৰেচনে এক বিশেষ পৰিকল্পনা যুগুত কৰিছে। এই পৰিকল্পনা অনুসৰি উত্তৰ–পূৰ্বাঞ্চলৰ দুই–তিনি ঠাইত ফুটবলৰ বিশেষ প্ৰশিক্ষণ শিবিৰ  আয়োজন কৰিব।    

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward