Wednesday, May 15, 2024
Homeবাতৰিডাইনীৰ সন্দেহত গাঁৱৰ পৰা বিতাড়িত এটা পৰিয়াল

ডাইনীৰ সন্দেহত গাঁৱৰ পৰা বিতাড়িত এটা পৰিয়াল

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

পৃথিৱীত ইটোৰ পিচত সিটো তথ্য প্ৰযুক্তিৰ উত্তৰণ ঘটি থকাৰ সময়ত এচাম অন্ধবিশ্বাসী তথা ঈৰ্ষাপৰায়ণ ব্যক্তিৰ হাতত নিৰ্যাতন ভোগ কৰা মানুহৰ সংখ্যাও ভয়াবহভাৱে নিতৌ বাঢ়িব ধৰিছে। সেইচাম মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে নিতৌ সংঘটিত কৰি আছে এনে ধৰণৰ ঘটনা সমূহ।

বিটিএডিৰ সদৰ কোকৰাঝাৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ ডাৱৰগাঁৱত সংঘটিত হ’ল ডাইনীৰ দৰে অন্ধবিশ্বাসী ঘটনা এটা। গাঁৱখনৰ বাসিন্দা দীপু ব্ৰহ্ম (৩৭), তেওঁৰ পত্নী নাছি ব্ৰহ্ম (২৯) নামৰ দম্পতিহালৰ এহাল ল’ৰা–ছোৱালীৰ সহিতে আছিল এখন সুখৰ সংসাৰ। কিন্তু অন্ধবিশ্বাসী এচাম গঁঞাই এই দম্পত্তিহালক ডাইনী আৰু কবিৰাজী বিদ্যা চৰ্চা কৰা বুলি অপযশ  জাপি দিয়ে। যোৱা ২০ অক্টোবৰৰ নিশা গাঁৱখনৰ এচাম লোকে তেওঁলোকৰ ওপৰত চলায় শাৰীৰিক নিৰ্যাতন। উক্ত ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত এখন গাঁওসভা অনুষ্ঠিত কৰি ব্ৰহ্মৰ পৰিয়ালটোক গাঁও ত্যাগ কৰিবলৈও বাধ্য কৰায়।

প্ৰাণৰ মমতাত এই দূৰ্ভগীয়া দীপু ব্ৰহ্মই পৰিয়ালসহ গাঁও ত্যাগ কৰি নায়কগাঁওৰ এবছুৰ আঞ্চলিক কাৰ্যালয়ত আৰু পিচলৈ কোকৰাঝাৰ চহৰৰ বাগানশালীত থকা এবছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিব লগা হয়। উক্ত ঘটনা সন্দৰ্ভত এবছুৰ কৰ্মকৰ্তাসকলক বিতংভাৱে অৱগত কৰে। দূৰ্ভগীয়া এই পৰিয়ালটোৱে ন্যায় বিচাৰি এবছুৰ সহযোগত কোকৰাঝাৰ সদৰ থানাত এজাহৰ দাখিল কৰে। ব্ৰহ্মই প্ৰকাশ কৰা মতে তেওঁ দিন হাজিৰা কৰি পেটে–ভাতে খাই থকা লোক। দিন হাজিৰাৰ উপাৰ্জনেৰে টানিটুনি চাৰিজনীয়া পৰিয়ালটো চলি আছে। তেওঁ ডাইনী বিদ্যাও নাজানে আৰু কবিৰাজী চৰ্চাও নকৰে।

ইপিনে পৰিয়ালটোক উপযুক্ত নিৰাপত্তা আৰু দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এবছু, কোকৰাঝাৰ জিলা বড়ো সমাজ, এন ডি এফ বি (প্ৰ), আবৌফ, যুৱ বিপিএফ আদি সংগঠনৰ নেতৃবৃন্দই ডাৱৰগাঁৱত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে। বড়ো সমাজৰ সভাপতি বিবেকানন্দ নাৰ্জাৰীয়ে সভাপতিত্ব কৰা সভাখনত উক্ত ঘটনাটোক তীব্ৰ গৰিহনা দিয়াৰ লগতে ডাইনী প্ৰথা সমুলঞ্চে নিৰ্মূলৰ হকে সকলোৱে সমৰ্থন আগবঢ়ায়। পিচত বিতাৰিত এই দূৰ্ভগীয়া পৰিয়ালটোক পুনৰাই গাঁৱলৈ উভতাই অনা হয়।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward