Saturday, May 4, 2024
Homeবাতৰি‘উদ্যমী দিৱস’ ৰূপে পালন কৰা হওক মণিৰাম দেৱানৰ জন্ম দিনটো

‘উদ্যমী দিৱস’ ৰূপে পালন কৰা হওক মণিৰাম দেৱানৰ জন্ম দিনটো

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

১৮০৬ চনৰ ১৭ এপ্ৰিল তাৰিখটো এক বিশেষ তাৎপৰ্য আছে।কিয়নো দিনটোতে জন্ম হৈছিল স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ। মণিৰাম দেৱান অসম তথা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী স্বীকৃতিপ্ৰাপ্ত উদ্যোগী।  

বছৰটোৰ ১৭ এপ্ৰিল তাৰিখটো মণিৰাম দেৱানৰ নামত উচৰ্গা কৰি ‘উদ্যমী দিৱস’ ৰূপে পালন কৰিব লাগে। এই দাবী লঘু উদ্যোগ ভাৰতীৰ। লঘু উদ্যোগ ভাৰতী হ’ল সমগ্ৰ দেশৰ লঘু উদ্যোগসমূহ বিকাশৰ বাবে ১৯৯৬ চনত গঠিত এক সৰ্বভাৰতীয় সংস্থা। য’ত ২৫,০০০ হাজাৰতকৈও অধিক লঘু উদ্যোগী সদস্যৰূপে আছে। এই সংস্থাটোৰ উত্তৰ–পূৰ্বাঞ্চল শাখাৰ সভাপতিৰূপে বি এল আগৰৱালাৰ লগতে সাধাৰণ সম্পাদক আৰু সম্পাদকৰ দায়িত্বত আছে ক্ৰমে আশিস দেওৰা আৰু অৰূপ বৰপূজাৰীয়ে।

অলপতে সংস্থাটোৰ উত্তৰ–পূৰ্বাঞ্চল শাখাৰ সভা এখন গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ পানীখাইতীৰ ঔদ্যোগিক পামত অনুষ্ঠিত হৈ যায়। উক্ত সভাত সংস্থাটোৰ মুখ্য বিষয়ববীয়াসকলৰ লগতে বোন্দা, পানীখাইতী আৰু চন্দ্ৰপুৰত থকা স্থানীয় লঘু উদ্যোগীসকলে অংশ গ্ৰহণ কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কামৰূপ মহানগৰ জিলাৰ মহাপ্ৰৱন্ধক পি কে বৰাই উপস্থিত থকা সভাখনত ঔদ্যোগিক পাম আৰু অঞ্চলটোৰ উদ্যোগীসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিতংভাৱে আলোচনা কৰে। সভাখনত সম্পাদক অৰূপ বৰপূজাৰীয়ে কয়– আমাৰ সচেতনতাৰ অভাৱৰ বাবে আজিও অসমৰ উদ্যোগীসকল যথেষ্ট পিচপৰি থকা পৰিলক্ষিত হৈছে। সেয়ে প্ৰথামিক তথা মৌলিক সমস্যা সম্বন্ধে ৰাজ্যখনৰ উদ্যোগীসকলৰ মাজত এক সচেতনতা আহৰণৰ প্ৰয়োজন আহি পৰিছ।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward