Saturday, May 4, 2024
Homeবাতৰিভাৰত–বাংলা দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক

ভাৰত–বাংলা দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক

প্ৰকাশিত তাৰিখঃ ২৩ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

ভাৰত–বাংলাদেশৰ মাজত আৰু নতুনকৈ আৰম্ভ কৰিব বাণিজ্যিক সম্পৰ্ক। অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ মাজত বাংলাদেশৰ সৈতে ব্যৱসায়–বাণিজ্য অধিক ফলপ্ৰসু কৰি তোলা বাবে ভাৰত–বাংলা সীমান্তৰ ৭টাকৈ চেকপোষ্ট মুকলি কৰি দিব কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে চেকপোষ্ট কেইটা পশ্চিম বংগৰ ফুলবাৰী, মহাদিপুৰ, চেংৰাবান্ধা, হিলী, ঘোজা ডাংগা, অসমৰ সুতাৰকান্দি আৰু মিজোৰামৰ কাবৰিপুইৱাহত স্থাপন হ’ব। অসমৰ ধুবুৰী জিলাতো এনে এটা চেকপোষ্ট স্থাপনৰ যো–জা চলি আছে বুলি জানিব পৰা গৈছে।

ভাৰত–বাংলাদেশৰ মাজত বৈদেশিক বাণিজ্যৰ সম্পৰ্ক অধিক উন্নত কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰু ১৯টা ইণ্টিগ্ৰেটেট চেকপোষ্ট স্থাপনৰ পৰিকল্পনা কৰিছে বুলি এটি সূত্ৰত প্ৰকাশ। সেই অনুসৰি পশ্চিম বংগ আৰু ত্ৰিপুৰাত ৭টা, অসমত ৩টা, মেঘালয়ত ২টা। এই তালাচী চকী সমূহত বৈদেশিক মুদ্ৰা বিনিময় কেন্দ্ৰ, বেংক, শীতকিকৃত ভঁৰাল, সামগ্ৰী মজুত ৰাখিব পৰা ভঁৰাল, যাত্ৰীৰ আস্থান, পৰিবহন পাৰ্কিং আদি সুবিধা সমূহ থাকিব। মুঠতে বাংলা দেশৰ বণিকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ অসম তথা উত্তৰ–পূৰ্বাঞ্চলত ব্যৱসায় কৰিব পাৰে তাৰবাবে এই ব্যৱস্থা কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ উদ্ধৃতিৰে ৰাজ্যিক গৃহ মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ।

সম্প্ৰতি অসমত অবৈধ বাংলাদেশী নাগৰিকক ৰাজ্যখনৰ পৰা বিতাৰণক লৈ চলি আছে তীব্ৰ বিতৰ্ক। তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰত–বাংলাদেশৰ মাজত বৈদেশিক বাণিজ্যৰ সম্পৰ্ক স্থাপন কৰিব খোজা সিদ্ধান্তত অসমৰ শাসকীয় চৰকাৰখনক অস্বস্তিত পেলোৱা বুলি কোনো কোনো মহলে প্ৰকাশ কৰে। মূল সমস্যা অবৈধ বাংলাদেশী বিতাৰণত গুৰুত্ব আৰোপ নকৰি দেশ দুখনৰ মাজত ব্যৱসায়– বাণিজ্য আৰম্ভ হ’লে সেই ব্যৱসায়ৰ গইনা লৈ শ্ৰমিকৰ ৰূপত বহু বাংলাদেশী লোক অবৈধভাৱে অসমত প্ৰৱেশৰ সুৰুঙা পাব বুলি বিভিন্ন সূত্ৰই দাবী কৰে। য’ত পুনৰ অধিক বাংলাদেশী লোকৰ চৰণীয়া পথাৰত পৰিণত হ’ব অসম।   

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰত প্ৰকাশ যে এই তালাচী চকী সমূহ স্থাপনৰ ফলত ভাৰত–বাংলাদেশৰ ব্যৱসায়–বাণিজ্যিক সম্পৰ্ক অধিক উন্নত হ’ব। অন্যহাতে সীমান্তত যি চোৰাং ব্যৱসায় চলি আছে সেইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ’ব। বৈধভাৱে দুয়ো দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰম্ভ হ’লে চোৰাং বেপাৰত হেৰোৱা ৰাজহ চৰকাৰৰ হাতলৈ আহিব।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward