Saturday, May 4, 2024
Homeবাতৰিউত্তৰ–পূব পৰিষদক পুনৰ গঠনৰ প্ৰস্তুতি

উত্তৰ–পূব পৰিষদক পুনৰ গঠনৰ প্ৰস্তুতি

প্ৰকাশিত তাৰিখঃ ২৩ অক্টোবৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

সুদীৰ্ঘ দিনৰ অন্তত উত্তৰ–পূব পৰিষদ (এন ই চি) পুনৰ গঠনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। উত্তৰ–পূৰ্বাঞ্চলত উপলব্ধ সম্পদ সমূহৰ উন্নয়নত গতি প্ৰদানৰ বাবে পৰিষদখন পুনৰ গঠনৰ প্ৰয়োজন বুলি মন্তব্য কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে।

উত্তৰ–পূৰ্বাঞ্চলত অৱস্থিত সম্ভাৱনাময় ঠাই সমূহৰ ক্ষেত্ৰত উন্নয়নমূলক ব্যৱস্থাপনাত থাকিব পৰা সুৰুঙাবোৰ চিনাক্ত কৰা হ’ব। যোৱা বছৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুস্থিত পূৰ্ণাংগ বৈঠকত এই প্ৰস্তাৱ লোৱা হয়।

যোৱা ১৯ অক্টোবৰত অনুষ্ঠিত পৰিষদৰ বৈঠকত অংশ গ্ৰহণ কৰি ড’নাৰ মন্ত্ৰীজনে কয়– উত্তৰ–পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে উত্তৰ–পূব পৰিষদক অধিক কাৰ্যক্ষম কৰি তোলা হ’ব। তেখেতে প্ৰকাশ যে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বত গঠিত বিজেপি চৰকাৰ অহাৰ পিচত উত্তৰ–পূৰ্বাঞ্চলৰ উন্নয়নৰ গতিয়ে অন্য মাত্ৰা লাভ কৰিছে। উত্তৰ–পূবৰ উন্নয়নমূলক পুঁজি ৭০শতাংশলৈ বৃদ্ধি পাইছে বিগত দুটা বৰ্ষত। ৰাজ্যিক ভিত্তিতকৈ সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলক সামৰি এটা জ’ন হিচাপে বিবেচনা কৰি উন্নয়নৰ সমন্বয়ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰহে আগ্ৰহী।

উক্ত বৈঠকত বিভাগীয় মন্ত্ৰীৰ লগতে মন্ত্ৰালয়ৰ সচিব নবীন বাৰ্মা, উত্তৰ–পূব পৰিষদৰ সচিব ৰাম মুইভা আৰু শীৰ্ষ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward