Saturday, May 4, 2024
Homeবাতৰিটাটা ট্ৰাষ্টে অসমত স্থাপন কৰিব কেন্সাৰ চিকিৎসালয়

টাটা ট্ৰাষ্টে অসমত স্থাপন কৰিব কেন্সাৰ চিকিৎসালয়

প্ৰকাশিত তাৰিখঃ ১৬ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

সম্প্ৰতি অসমৰ লগতে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলত কেন্সাৰ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে যদিও ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰাকৈ নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসালয়। তেনেস্থলত ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ চৰকাৰী পৰ্যায়ত দুখন আৰু ছ’চাইটীয়ে পৰিচালনা কৰা এখন চিকিৎসালয় আছে যদিও ই পৰ্যাপ্ত নহয়। এনে অৱস্থাত টাটা ট্ৰাষ্টে অসমত কেন্সাৰ চিকিৎসালয় স্থাপন কৰিব বিচৰা কাৰ্যই ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে এক আনন্দৰ বতৰা।

উল্লেখযোগ্য যে যোৱা ১২ অক্টোবৰত অসমৰ স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই মুম্বাইস্থিত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা তথা অন্যান্য বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। এই কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া টুইটাৰত টুইট কৰে। নিজৰ টুইটাৰত তেখেতে উল্লেখ কৰে যে ৰাজ্যখনত কেন্সাৰ ৰোগীৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাত চিকিৎসাৰ বাবে বহু ৰোগী ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব লগা হয়। সেয়ে উক্ত বৈঠকত টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে কেন্সাৰ ৰোগৰ চিকিৎসা আৰু চিকিৎসা সম্পৰ্কীয় ব্যৱস্থাপনাৰ বাবে যুটীয়াভাৱে কাম কৰি যোৱাৰ পোষকতা কৰে।

টাটা ট্ৰাষ্টৰ অধ্যক্ষৰ ওচৰত ‘দক্ষিণ এছীয় কেন্সাৰ ৰিছাৰ্চ চেণ্টাৰ’ স্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱাত ইতিবাচক সঁহাৰি লাভ কৰা বুলিও জনায় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। চিকিৎসালয় নিৰ্মাণত ব্যয় হ’বলগীয়া ১,৪০০ কোটি টকাৰ টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে ৫০:৫০ হাৰত বহন কৰিব। ৰাজ্যিক, ৰাজধানী আৰু জিলা এই তিনিটা পৰ্যায়ত স্থাপন হ’ব এই চিকিৎসালয় সমূহ। ৰাজধানী চহৰ গুৱাহাটীত এখন ৰাজ্যিক পৰ্যায়ৰ কেন্সাৰ কেয়াৰ ইনষ্টিটিউট স্থাপন কৰাৰ কথা উল্লেখ কৰে।

প্ৰথম পৰ্যায়ত– কেন্সাৰ ৰোগ চিনাক্তকৰণ কৰি প্ৰতিকাৰৰ ব্যৱস্থা প্ৰদান কৰা, দ্বিতীয় পৰ্যায়ত– ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ লগত একোখন কেন্সাৰ চিকিৎসালয় সংযোগ কৰা হ’ব য’ত কেম’থেৰাপী, ৰেডিয়েচন আৰু ছাৰ্জিকেল অনক’লজী ব্যৱস্থা উপলব্ধ থাকিব, তৃতীয় পৰ্যায়ত– প্ৰতিখন জিলাত স্থাপন হ’বলগীয়া চিকিৎসালয়ত কেম’থেৰাপী আৰু ৰেডিয়েচনৰ ব্যৱস্থা উপলব্ধ থাকিব বুলি জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।   

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward