Saturday, May 4, 2024
Homeবাতৰিফায়েং চাকপা মণিপুৰৰ এক নতুন পৰ্যটনস্থলী 

ফায়েং চাকপা মণিপুৰৰ এক নতুন পৰ্যটনস্থলী 

প্ৰকাশিত তাৰিখঃ ১৬ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

ফায়েং চাকপা হ’ল মণিপুৰৰ পশ্চিম ইম্ফল জিলাত অবস্থিত এখন গাঁৱৰ নাম। ৰাজধানী চহৰ ইম্ফলৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওখন ৰাজ্যৰ ভিতৰত অতিকৈ পুৰণি। সম্প্ৰতি এই পুৰণি ফায়েং চাকপা গাঁওখনে ৰাজ্যৰ অন্যতম পৰ্যটনস্থলীৰূপে বিবেচিত হৈছে।

ফায়েং চাকপা গাঁৱৰ বাসিন্দাসকলে প্ৰকৃতি সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দি সুকীয়া নীতি–নিয়ম বান্ধি লৈছে। য’ত অঞ্চলটোত থকা অৰণ্য সমূহত গছ–গছনি কটা নিষেধ, গাঁওখনৰ য’তে ত’তে থু’–খেকাৰ পেলোৱা নিষেধ। এই কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গাঁওখনৰ চাৰিজন মানুহক নিয়োগ কৰিছে।

উল্লেখযোগ্য যে গাঁওখনে এইবাৰ আয়োজন কৰে বিশ্ব পৰ্যটন দিৱস। পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিশ্ব পৰ্যটন দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্যিক উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী কৰম শ্যামে। উপস্থিত কালত তেখেতে মত প্ৰকাশ কৰে যে ৰাজ্যখনৰ অৰ্থনৈতিক সম্ভাৱনীয়তা সমূহ অধিক ফলপ্ৰসু কৰি তুলিবলৈ পৰ্যটনস্থলী সমূহক পূৰ্ণতা প্ৰদান কৰিব লাগিব। এইক্ষেত্ৰত জনসাধাৰণেও চৰকাৰক সহায় সহযোগ আগবঢ়াব লাগিব।

মণিপুৰ পৰ্যটন বিভাগৰ অধ্যক্ষ সচিব পি কে সিঙে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহক অধিক অগ্ৰসৰ কৰি তুলিবলৈ চৰকাৰে বহুতো পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward