Saturday, May 4, 2024
Homeবাতৰিখিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰস্তুতি 

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰস্তুতি 

প্ৰকাশিত তাৰিখঃ ৯ অক্টোবৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ চলেৰে আকৌ থলুৱাক ৰাম টাঙোন মাৰিব খুজিছে ৰাজ্যৰ বিজেপি চৰকাৰখনে। ক্ৰমে উত্তপ্ত হৈ পৰিছে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব বিচৰা অঞ্চল সমূহ। সেয়ে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত জনগোষ্ঠীয় সংগঠন সমূহ একত্ৰিত হৈ সংগ্ৰাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ ৰাভা কৃষ্টি সন্মিলন আৰু যৌথ সংগ্ৰাম সমিতিকে আদি কৰি পোন্ধৰটাকৈ সংগঠনে ঐক্যবদ্ধভাবে সংগ্ৰাম কৰিবলৈ সিদ্ধান্ত লৈছে। ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰী সম্প্ৰসাৰণৰ বিৰোধিতাৰে ৩ অক্টোবৰত ২০হাজাৰৰো অধিক লোকৰ উপস্থিতিত বকোত আয়োজন কৰে এক বিশাল প্ৰতিবাদী সমাবেশৰ। উক্ত সমাবেশত পৰিষদীয় এলেকাৰ ৩৭৮খন গাঁও অন্তৰ্ভূক্তিৰ তীব্ৰ বিৰোধীতা কৰে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক বিৰোধ কৰাৰ লগতে এই অধ্যাদেশ অতি সোণকালে বাতিল কৰিবলৈকো দাবী জনাইছে। পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা শাসনাধিস্থিত সোণোৱাল চৰকাৰৰ সমৰ্থকৰ ভূমিকাত আছিল যদিও এতিয়া খিলঞ্জীয়াৰ ৰক্ষাৰ হকে কৰা আন্দোলনকাৰীৰ পক্ষত। প্ৰতিবাদী সংগঠন সমূহৰ এনে বিৰোধিতাই ভৱিষ্যতে পৰিষদীয় এলেকাত শাসকীয় দলটোৰ সাংগঠনিক কাম–কাজৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে। 

সমাবেশত আয়োজক সমিতিৰ বাদেও সদৌ অসমৰ ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল সংঘ, কোচ–ৰাজবংশী সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা, অসম জ’ন গাৰো ছাত্ৰ সন্থা, সদৌ অসম তিৱা ছাত্ৰ সন্থা, অনুসূচিত ছাত্ৰ সন্থা, সদৌ অসম বাঙালী যুৱ ফেডাৰেচন আদি সংগঠন সমূহৰ নেতৃবৃন্দও উপস্থিত থাকে।                

সমাবেশত অংশ গ্ৰহণ কৰি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভায় কয়– মহানগৰ সম্প্ৰসাৰণৰ নামত কোনো খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব হ’বলৈ দিয়া নহ’ব। তেনে সিদ্ধান্তৰ ফলত পৰিষদীয় এলেকাৰ ভিতৰত সংঘটিত সকলো ধৰণৰ পৰিস্থিতিৰ বাবে দায়ী হ’ব সোণোৱাল চৰকাৰ। নিৰ্বাচনৰ পূৰ্বে জনজাতীয় লোকক সুৰক্ষা দিয়া, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা, অসম চুক্তি ৰূপায়ণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিবোৰ কি হ’ল? চৰকাৰখনে যদি খিলঞ্জীয়ালোকক প্ৰতাৰণা কৰে তেনেহ’লে পঞ্চায়ত নিৰ্বাচনত এজনো বিজেপি প্ৰাৰ্থী জিকাৰ সুযোগ দিয়া নহ’ব বুলি উক্ত সমাবেশত ৰাজহুৱাভাৱে ঘোষণা কৰে।

সমাবেশত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ভাষণ প্ৰসংগত তেখেতে কয়– গুৱাহাটী মহানগৰ সম্প্ৰসাৰণৰ স্বাৰ্থত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৭৮খন আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ ২৬৮খন গাঁও অন্তৰ্ভূক্তিৰে প্ৰকৃততে খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। চৰকাৰৰ তেনে হঠকাৰী সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ’ব। জনজাতীয় এলেকাত মহানগৰ সম্প্ৰসাৰণৰ নামত স্থানীয় শাসনৰ দায়িত্বত থকা পৰিষদকেইখনৰ মাজত এক বিভীষিকাৰ সৃষ্টি হোৱাৰ সময়ত অঞ্চলটোৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮টা জাতীয় সংগঠনে ঐক্যবদ্ধভাৱে যুঁজিব বুলি ঘোষণা কৰে। খিলঞ্জীয়াক দুৰ্ভোগত পেলাই বাংলাদেশীক ৰক্ষণাবেক্ষণৰ চেষ্ট অব্যাহত ৰখা চৰকাৰখনে বৃহৎ নদীবান্ধ সম্পৰ্কে নিজৰ স্থিতি আজিলৈকে স্পষ্ট কৰিব পৰা নাই।

বৰ্তমান মুখ্যমন্ত্ৰীজনো এজন জনজাতীয় সম্প্ৰদায়ৰ লোক। কিন্তু তেওঁ কি কাৰণত নিজ জাতিৰ দুখ–বেদনা অনুভৱ কৰিব পৰা নাই সেয়াহে আশ্বৰ্যৰ বিষয় বুলি মন্তব্য কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীয়ে। এই সন্দৰ্ভত অহা ১২ অক্টোবৰত সোণাপুৰৰ পৰা জাগীৰোডলৈ এক বিশাল মানৱ শৃংখল কাৰ্যসুচীৰ আয়োজন কৰা বুলি নেতাজনে উক্ত সমাবেশতে প্ৰকাশ কৰে। বিভিন্ন সময়ত লেপেটকটাৰ পৰা বিজনীলৈ জনজাতীয় লোকৰ ওপৰত চলি প্ৰতাৰণাৰ ষড়যন্ত্ৰক প্ৰতিহত কৰিব পাৰিলেহে জনজাতীয় ৰাইজে পৰিত্ৰাণ পাব। গতিকে এই ষড়যন্ত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ জনজাতীয় ৰাইজ মিলিত হ’বই লাগিব।                  

ইফালে গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰ উন্নয়ণ খণ্ড আৰু ডিমৰীয়া অঞ্চললৈ ৰাজধানী ক্ষেত্ৰই সামৰি লোৱাত সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, অসম ভৈয়াম কাৰ্বি আদৰবাৰ, সদৌ অসম কাৰ্বি যুৱ সন্থা, কাৰ্বি বাংখে আছেম আৰু কাৰ্বি আৰলছ্‌ আছেমকে আদি কৰি ৰাজ্যৰ পাঁচ কাৰ্বি সংগঠনে সৰৱ হৈ উঠিছে। সংগঠনকেটাই উক্ত অঞ্চললৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণত বাধা আৰোপ কৰিছে। এক সংবাদমেলৰ   আয়োজন কৰি সংগঠন কেইটাই আক্ষেপ কৰে– ৰাজ্যত যেন গণতন্ত্ৰ নাই ৰাজতন্ত্ৰহে চলি আছে য’ত ৰাইজৰ অভিমত গ্ৰহণ নকৰাকৈ এই চূড়ান্ত মইমতালিৰে ৰাইজৰ অনিষ্ট সাধনকাৰী এনে বিধেয়ক গ্ৰহণ কৰিব পাৰে।                        

আজি জনজাতীয় বেষ্টনীত বসবাস কৰি থকা জনজাতিসকলৰে নিজৰ নামত ভূমিৰ পট্টা নাই। সেয়ে এই ভূমি বহিৰাগত পুঁজিপতি বণিয়া গোষ্ঠীক অতি সহজে গোটাই দিয়াৰ এক চৰকাৰী ষড়ষন্ত্ৰ। উক্ত অঞ্চললৈ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ ফলত প্ৰায় ডেৰশখন গাঁৱৰ কাৰ্বি, তিৱা, ৰাভাৰ লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষা–সংস্কৃতি, অস্তিত্ব বিপদাপন্ন হ’ব। এই মন্তব্য সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ মুখপাত্ৰ লগতে অসম ভৈয়াম কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক বিষ্ঞুনন্দন টেৰণৰ।

অহা ৩১ অক্টোবৰলৈ যদি চৰকাৰে এই বিধেয়কৰ কোনো পৰিবৰ্তন নকৰে তেনেহ’লে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সংগঠন কেইটাৰ বিষয়ববীয়াসকলে ঘোষণা কৰে।      

ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭ অক্টোবৰত জনতা ভৱনৰ কাৰ্যালয়ত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকতে পৰিষদীয় এলেকাৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে। লগতে সকলো ধৰণৰ অভিযোগ লিখিত আকাৰত প্ৰদান কৰিবলৈও মুখ্য কাৰ্যবাহী গৰাকীক অনুৰোধ জনায়। বৈঠকখনত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, ভৈয়াম জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণী কল্যাণ বিভাগৰ সচিব প্ৰফুল্ল হাজোৱাৰীৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।   

 

শিৰোনামৰ ছবিঃ প্ৰভাত ৰাভা

Title Photograph: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward