Saturday, May 4, 2024
Homeবাতৰিএল এণ্ড টি ফাইনেঞ্চ হোল্ডিংছে অসমত আৰম্ভ কৰিব ক্ষুদ্ৰ ঋণৰ ব্যৱসায়

এল এণ্ড টি ফাইনেঞ্চ হোল্ডিংছে অসমত আৰম্ভ কৰিব ক্ষুদ্ৰ ঋণৰ ব্যৱসায়

প্ৰকাশিত তাৰিখঃ ২ অক্টোবৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

দেশৰ আগশাৰীৰ বিত্তীয় সেৱা কোম্পানী এল এণ্ড টি ফাইনেঞ্চ হোল্ডিংছে অসমত আৰম্ভ কৰিব ক্ষুদ্ৰ ঋণৰ ব্যৱসায়। অসমত প্ৰায় ৫০ হেজাৰ নতুন মহিলা উদ্যোগীৰ সৃষ্টিৰ লক্ষ্যৰে এই ব্যৱসায় আৰম্ভ কৰিব উক্ত কোম্পানীটোই। কামৰূপ আৰু ডিব্ৰুগড় জিলাকে ধৰি ৮ খন জিলা সামৰি ৪০টা মিটিং চেণ্টাৰ মুকলি কৰিব। ইতিমধ্যে প্ৰথমটো মিটিং চেণ্টাৰ কামৰূপ জিলাৰ মিৰ্জাত মুকলি কৰিছে।

এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ এখন সংবাদমেল গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত হৈ যায়। উক্ত সংবাদমেলত প্ৰতিষ্ঠানটোৰ গ্ৰাম্য বিত্ত শাখাৰ মুখ্য কাৰ্যবাহী তথা মুখ্য মানৱ সম্পদ বিষয়া সুনীল প্ৰভুনেই এনেদৰে কয়– অসমত দুচকীয়া যান–বাহনত বিত্তৰ যোগান ধৰা আৰু ক্ষুদ্ৰ ঋণ সঞ্চালনাৰে অগ্ৰণী বিত্তীয় সেৱা কোম্পানীৰূপে প্ৰতিষ্ঠিত হোৱাই ইয়াৰ প্ৰধান লক্ষ্য। ক্ষুদ্ৰ ঋণ প্ৰদানেৰে অহা দুটা বৰ্ষত অসমত ব্যৱসায় শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰা বুলিও প্ৰতিষ্ঠানটোৰ মুখ্য বিষয়াগৰাকীয়ে উল্লেখ কৰে।    

ইতিধ্যে এল এণ্ড টি ফাইনেঞ্চ হোল্ডিংছে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, কেৰেলা, গুজৰাট, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু পশ্চিমবংগকে আদিকৰি ১০খন ৰাজ্যৰ বিভিন্ন ঠাইত ৭১১ টা মিটিং চেণ্টাৰ মুকলি কৰিছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ ক্ষুদ্ৰ ঋণৰ পৰিসৰ অসমলৈ সম্প্ৰসাৰণ কৰাত ৰাজ্যখনৰ মহিলাসকলে প্ৰতিষ্ঠানটোৰ পৰা ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাত প্ৰভূত বৰঙণি যোগাব বুলি প্ৰতিষ্ঠানটোৰ মুখ্য বিষয়াগৰাকীৰ দৃঢ় বিশ্বাস।   

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward