Saturday, May 4, 2024
Homeবাতৰিপৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

প্ৰকাশিত তাৰিখঃ ২ অক্টোবৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

আজি অৰ্থাৎ ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ বাগৰি ৰেঞ্জত মন্ত্ৰী কেশৱ মহন্তই ২০১৭–১৮ বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখ্য যে বানে গৰকি যোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাট–পথ সমূহ এতিয়াও সূচল হৈ উঠা নাই যদিও মেৰামতিৰ কাম অব্যাহত আছে বুলি জানিব পৰা গৈছে। সেয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো অংশ মুকলি কৰি দিয়াৰ পৰিৱৰ্তে এটা অংশহে মুকলি কৰি দিছে উদ্যান কৰ্তৃপক্ষই।

ইপিনে দীৰ্ঘদিনীয়া বিৰতিৰ পিচত বন বিভাগে জীপ আৰু হাতী ছাফাৰী সমূহকো সাজু কৰি তুলিছে। পৰ্যটকসকলক কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰোৱাৰ বাবে জীপৰ চালক আৰু হাতীৰ মাউতসকলেও নতুন উদ্যমেৰে ব্যস্ত হৈ পৰিছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward