Saturday, May 4, 2024
Homeবাতৰিড০ বিৰুবালা ৰাভাৰ ভিছাৰ অভাৱত বাতিল হ’ল জেনেভা যাত্ৰা 

ড০ বিৰুবালা ৰাভাৰ ভিছাৰ অভাৱত বাতিল হ’ল জেনেভা যাত্ৰা 

প্ৰকাশিত তাৰিখঃ ২৫ ছেপ্টেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

‘কালে এৰিলেও কৰ্পটিয়ে নেৰে’ বোলা কথাষাৰ সমাজকৰ্মী ড বিৰুবালা ৰাভাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ল। প্ৰতিটো খোজতে বিপদৰ সন্মুখীন হোৱাৰ পিচতো জীৱনৰ প্ৰায় তিনিটা দশক ডাইনী আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিলে। কাহানিও ভাগৰি নপৰা সাহসী মহিলাগৰাকীৰ ভিছাৰ অভাৱত বাতিল হ’ল জেনেভা যাত্ৰা। ৰাষ্ট্ৰসংঘত অনুষ্ঠিত হোৱা বিশেষ অধিবেশনৰ কাৰ্যসূচীত যোগদানৰ পৰা বঞ্চিত হোৱা বাৰ্তাত ব্যথিত হ’ল বিৰুবালাৰ গুণমুগ্ধ তথা মিছন বিৰুবালাৰ কৰ্মকৰ্তাসকল।

চলিত বৰ্ষৰ ১৩ এপ্ৰিলত জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ কাৰ্যলয়ৰ পৰা লাভ কৰিছিল এখন আমন্ত্ৰণ পত্ৰ। ছেপ্টেম্বৰৰ ২১, ২২ আৰু ২৩ তাৰিখত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বিশেষ অধিবেশনত ‘ডাইনী হত্যা আৰু মানৱাধিকাৰ উলংঘন’ শীৰ্ষক ভাষণ দিয়াৰ কথা আছিল বিৰুবালাই। ৰাষ্ট্ৰসংঘৰ চিঠি লাভ কৰা দিনৰ পৰাই যাত্ৰাৰ প্ৰস্তুতি পৰ্বও আৰম্ভ কৰিছিল। পাছপোৰ্টকে আদি ভিছাৰ বাবে প্ৰয়োজনীয় কাম–কাজ সমূহ সম্পূৰ্ণ কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল মিছন বীৰুবালাৰ কৰ্মকৰ্তাসকলকে। সময়মতে পাছপোৰ্ট লাভ কৰিলে যদিও ভিছা লাভৰ ক্ষেত্ৰত ব্যৰ্থ হ’ল। অনেক চেষ্টায়ো কাম নিদিলে। মুৰকত কলকাতাৰ বৈদেশিক পাৰপত্ৰ কাৰ্যালেয়ে ভিছা প্ৰদান কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিলে।

ইফালে ভিছা লাভ কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে ড বিৰুবালা ৰাভাই। সেই বিষয়ত ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক অৱগত নকৰি কেৱল ‘মিছন বিৰুবালা’ৰ কৰ্মকৰ্তাসকলক ভাৰসা কৰি এক ডাঙৰ ভুল কৰা বুলিও অনুতপ্ত। বিৰুবালাই ব্যক্ত কৰা এই মন্তব্য বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

অৱশ্যে হতাশাত ভূগিলেও আশা এৰা নাছিল ড বিৰুবালা ৰাভাই। পৰৱৰ্তী অধিবেশনত নিমন্ত্ৰণ লাভ কৰাৰ আশাও পুহি ৰাখিছে। ভিডিঅ’ কনফাৰেন্স যোগে ৰাষ্ট্ৰসংঘত তেওঁক ভাষণ দিয়াৰ ব্যৱস্থা এটা কৰি দিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰলৈও আবেদন জনাইছিল।

 

শিৰোনামৰ ছবিঃ দীনেশ দাসৰ সৌজন্যত

Title Photo: Dinesh Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward