Saturday, May 4, 2024
Homeবাতৰিৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰদান কৰিব মাটিৰ পট্টা

ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰদান কৰিব মাটিৰ পট্টা

প্ৰকাশিত তাৰিখঃ ২৫ ছেপ্টেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

ৰাজ্যখনৰ ৭৮,২৮৬ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কলৈ আবঢ়াব মাটিৰ পট্টা। লগতে যোৰহাটত স্থাপন কৰিব এটা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেন্দ্ৰ। এই ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। যোৱা ১১ ছেপ্টেম্বৰত বিধানসভাৰ মুখ্যমন্ত্ৰীৰ নিজ কক্ষত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে উক্ত বৈঠকতে প্ৰতিনিধি দলটোৰ আগত এই কথা ব্যক্ত কৰাত উৎফুল্লিত হৈ পৰিছে প্ৰতিনিধি তথা ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল।

মুখ্যমন্ত্ৰীয়ে পুনৰ ব্যক্ত কৰে যে– ক্ষুদ্ৰ চাহ শিল্পই ৰাজ্যখনৰ এক বুজন সংখ্যক লোকৰ জীৱন নিৰ্বাহৰ সম্বল। গতিকে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টাই হাতত লোৱা হ’ব। সেয়ে ৰাজ্যৰ ৭৮,২৮৬ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰথম পৰ্যায়ত মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বজাৰত গুণগত মানৰ ক্ষেত্ৰত ভাৰতীয় চাহে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই গুণগত মানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈও আহ্বান জনায়।     

আনহাতে প্ৰতিনিধি দলটোৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলে গুণগত মান সজহে পৰীক্ষা কৰিবলৈ এটা কেন্দ্ৰ স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক যোৰহাটত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেন্দ্ৰ এটা মুকলি কৰিবলৈ ইতিমধ্যে এক কোটি টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। লগতে যোৰহাট কৃষি বিশ্ববিদ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহায়ৰ বাবে এটা পৃথক কেন্দ্ৰ খোলাৰ পদক্ষেপ লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আলোচনাকালত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, শ্ৰম আৰু নিয়োগ, চাহ জনজাতি কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাস, বিধায়কত্ৰয় ঋতুপৰ্ণ বৰুৱা, তপন গগৈ, বিমল বৰা উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, শ্ৰম আৰু নিয়োগ, চাহ জনজাতি কল্যাণ বিভাগৰ আয়ুক্ত–সচিব ৰাজেশ প্ৰসাদেও অংশ গ্ৰহণ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward