Friday, November 22, 2024
HomeNEWSহানাঘোঁৰা লোকনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান

হানাঘোঁৰা লোকনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

সদৌ ৰাভা কৃষ্টি সন্মিলনৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা হানাঘোঁৰা নৃত্যৰ কৰ্মশালাখন ১৫ অক্টোবৰ সমাপ্ত হয়। ৬ অক্টোবৰৰ পৰা লোহাৰঘাটত আৰম্ভ হোৱা ১০দিনীয়া কৰ্মশালাখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আৱণ্টিত পূঁজিৰে আয়োজন কৰিছে। হানাঘোঁৰা লোকনৃত্যৰ অভিজ্ঞ গুৰুৱে প্ৰশিক্ষণ দিয়া এই কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।

সামৰণি অনুষ্ঠানত সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পাম, প্ৰধান সম্পাদক কামেশ্বৰ দয়নাং. সাংগঠনিক সম্পাদক অমূল্য ৰাভা লগতে সন্মিলনৰ অন্যান্য বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে, ৰাভা হাছং স্বায়ত্বশাষিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাক, লোকসংকৃতিৰ গৱেষক ভূবিন ৰাভাই সামৰণি অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত থাকি কৰ্মশালাত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward