Saturday, April 27, 2024
HomeNEWSৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ একাদ্বশ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা 

ৰাণী আঞ্চলিক ক্ৰীড়া সংঘৰ একাদ্বশ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা 

প্ৰকাশিত তাৰিখঃ ১৪ অক্টোবৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ অন্তৰ্গত ৰাণী আঞ্চলিক ক্ৰীড়া সংঘই আয়োজন কৰা একাদ্বশ বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনৰ আজি অৰ্থাৎ ১৪ অক্টোবৰত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ৰাণী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা  চূড়ান্ত খেলখন বেলগুৰী পদ্মাৱতী পুথিভৰাঁল আৰু চকৰ্দো ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। আজিৰ খেলখনত চকৰ্দো ফুটবল ক্লাবক হৰুৱাই পদ্মাৱতী পুথিভৰাঁলে বিজয়ী খিতাপ অৰ্জন কৰে।

উল্লেখ্য যে, দুয়োদলৰ মাজত অনুষ্ঠিত হোৱা খেলখন ১–১ গ’লত সমাপ্ত হোৱাত অৱশেষত আয়োজক কমিটিয়ে ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় ল’বলগীয়া হয়। এই পদ্ধতিত পদ্মাৱতী পুথিভৰাঁল দলে ৫–৪ গ’লত চকৰ্দো ফুটবল ক্লাবক পৰাস্ত কৰে।

খেলখনত পদ্মাৱতী পুথিভৰাঁল দলটোৰ মমত ৰাভাই শ্ৰেষ্ঠ গ’লৰক্ষক আৰু চকৰ্দো ফুটবল ক্লাবৰ ৰিপণ কলিতাই শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে।

আজিৰ চূড়ান্ত খেলখনত অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য, দক্ষিণ কামৰূপ ৰেফাৰী সন্থাৰ সভাপতি যতীন দাস আৰু ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মণে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।

ফটোঃ কানুৰাম কছাৰী

Pix: Kanu Ram Kachari

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward