প্ৰকাশিত তাৰিখঃ ৩ জানুৱাৰী, ২০২২
কল্প ৰঞ্জন গগৈ –
আজিৰ পৰা চাৰে চাৰি দশকৰো বেছি দিন হ’ল। আলভিন ফৈলাৰে এখন কিতাপ লিখি বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিতাপখনৰ নাম ফিউচাৰ চক্ (Future Shock)। আৰম্ভ হৈছিল এক নতুনধাৰা– ভৱিষ্যৎ দৰ্শন। মাৰ্কিন দৃষ্টিভংগিৰে ভৱিষ্যতৰ পৃথিৱী ও সমাজে কি ৰূপ ল’ব তাৰেই অনুসন্ধান। ১৯৮০ চনত ফৈলাৰৰ দ্য থাৰ্ড ৱেভ (The Third Wave) প্ৰকাশ হয় মানে ভৱিষ্যত দৰ্পনৰ ভেটি আৰু দৃঢ় হৈ পৰে। কল্পবিজ্ঞান নহয় বৰং সমাজ বিজ্ঞান, অৰ্থনীতি, সংস্কৃতি, প্ৰযুক্তি, ৰাজনীতি ইত্যাদিৰ সহায়ত ভৱিষ্যৎ বুজাৰ চেষ্টা।
ৰাজনীতিবিদে জানিব বিচাৰিলে পৃথিৱীত বিভিন্ন ৰাষ্ট্ৰ নীতি কি হ’ব, শিল্পপতিসকলে জানিব বিচাৰিলে বজাৰত কি পৰিৱৰ্তন হ’ব, অৰ্থনীতিবিদসকলে জানিব বিচাৰিলে মানুহৰ প্ৰথমাৱস্থাৰ কেনেধৰণৰ পৰিৱৰ্তন হ’ব– ইত্যাদি–ইত্যাদি। মুঠতে সকলোৰে অনুসন্ধানৰ স্বৰূপ এটাই– কি হ’ব পৃথিৱীৰ, ইয়াৰ মানুহৰ। ফৈলাৰৰ মতে ভৱিষ্যতৰ মানুহ হ’ব নতুন যাযাবৰ– New Nomads। স্বদেশ বুলি একো নাথাকিব, কৰ্মসূত্ৰে দেশ–বিদেশ ভ্ৰমণ কৰিব আৰু দেশৰ সীমা বুলি একোৱেই নাথাকিব। পাশ্চাত্যৰ লেখকৰ মতে বিশ্বৰ কেন্দ্ৰবিন্দু হ’ব পূব এছিয়া। কাৰোবাৰ মতে পাকিস্তান নাথাকিবই, জাপান নহয় চীন আৰু ভাৰত হ’ব গুৰুত্বপূৰ্ণ দেশ আৰু ইৰান–ৰাছিয়া–ভাৰত অথবা চীন–ভাৰত–ৰাছিয়াই গোট বান্ধিব।
সকলোৱেই কিন্তু এটা বিষয়ত একমত–অতীত–বৰ্তমানৰ সকলো কথা বাতিল কৰি নতুন ধৰণে চিন্তা কৰিব লাগিব। আজিৰ সাফল্য কাইলৈকে হৈ পৰিব ব্যৰ্থতাৰ দলিল। নতুন জগত খোল খাব য’ত কম্পিউটাৰ জগত শেষ হ’ব, ডাঙৰ ডাঙৰ কোম্পানীৰ ঠাই ল’ব সৰু সৰু কোম্পানীয়ে। ভৱিষ্যতৰ কৰ্মীবাহিনী দক্ষ হ’ব লাগিব সমাজ বিদ্যা, অৰ্থনীতি, ইতিহাস, ভূগোল, প্ৰযুক্তি বিদ্যা ইত্যাদিত। ধনতন্ত্ৰৰ ৰূপৰ পৰিৱৰ্তন হ’ব লাগিব। প্ৰাকৃতিক সম্পদতকৈ মানৱিক বুদ্ধি সম্পদ হ’ব প্ৰধান। এনেকৈয়ে এক মহাপৰিৱৰ্তন হ’ব পৃথিৱীৰ–প্ৰকৃতিৰ–মানুহৰ।
এছিয়াত দেশে দেশে সমন্বয় হ’ব লাগিবই, চৰকাৰী বান্ধোনৰ পৰা মুক্ত হ’ব বজাৰ কেন্দ্ৰীকতা, উৎপাদন হ’ব লাগিব জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি, পাশ্চাত্য সংস্কৃতিৰ বিকল্প হিচাপে গঢ় ল’ব এছিয় মানসিকতা আৰু সমাজৰ মূখ্য ভূমিকা ল’ব নাৰীয়ে।
মুঠতে এক মহাপৰিৱৰ্তনৰ সন্ধিক্ষণত আমি উপনীত হৈছো দেশ–বিদেশ সকলো। ছোভিয়েট দেশ ভাঙি গঢ় লৈছিল এক নতুন ব্যৱস্থা। এই নতুন ব্যৱস্থা কিমান শক্তিশালী আৰু বিশেষকৈ নিজৰ দেশৰ প্ৰজাৰ বাবে উপযুক্ত তাক পৰীক্ষা কৰিলেই স্পষ্ট হৈ পৰে। বৰ্তমানৰ ক্ষেত্ৰত মানুহে কি কাম কৰিছে আৰু কৰা উচিত তাকো ক’ব পাৰি।
এক দীৰ্ঘম্যাদী কাৰ্যসূচীৰে দেশৰ প্ৰজাক একত্ৰিত আৰু সচেতন কৰিব পাৰিব লাগিব। যাতে আজিৰ মন্ত্ৰী–আমোলা তন্ত্ৰ হৈ পৰে প্ৰকৃত প্ৰজা–গণতন্ত্ৰ।
অৰ্থনৈতিক পৰিকল্পনাৰ বাট সলনি হ’বই লাগিব আৰু একোটা অঞ্চলৰ বিকাশ আৰু উন্নয়নৰ বাবে তাৰ জনসাধাৰণেই ব্যৱস্থা ল’ব লাগিব। সকলো পৰিকল্পনা তেওঁলোকেই কৰিব লাগিব, পুঁজিৰ একাংশ নিজৰ মাজৰ পৰাই সংগ্ৰহ কৰিব লাগিব। মুঠতে Vocation specific need based action– অঞ্চলটোৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। এটা ব্যৱস্থাৰ যোগেদি এই মহাপৰিৱৰ্তনক আগবঢ়াই নিব লাগিব। অসাম্যৰে ভৰা পুৰণি বুনিয়াদৰ পৰিৱৰ্তন লাগিব– বৰ্তমানৰ ব্যৱস্থাক Upgrade কৰিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News