Tuesday, April 16, 2024
HomeARTICLEমনোৰম পৰিবেশৰ ৰাণীখামাৰ এক বনভোজ কেন্দ্ৰৰূপে গঢ়ি উঠিছে

মনোৰম পৰিবেশৰ ৰাণীখামাৰ এক বনভোজ কেন্দ্ৰৰূপে গঢ়ি উঠিছে

প্ৰকাশিত তাৰিখিঃ ১০ জানুৱাৰী, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তিমখন গাঁও হ’ল ৰাণীখামাৰ। ৰাভা জনগোষ্ঠী প্ৰধান ৰাণীখামাৰ গাঁওখন কলহী নদীৰ পাৰত অৱস্থিত। ঐতিহাসিক চানডুবি বিলৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত অৱস্থিত এই ৰাণীখামাৰ গাঁওখন। শান্ত–সমাহিত ৰাণীখামাৰ গাঁওখন আজি বনভোজ কেন্দ্ৰৰূপে জনাজাত হৈ পৰিছে। 

ৰাণীখামাৰ জনজাতীয় ক্লাৱে মূল পথৰ ওপৰত এটি গেট পাতিছে। এই গেটটোতে ডাঙৰ গাড়ীত ১০০টকা, সৰু গাড়ীত ৫০টকাকৈ প্ৰৱেশ মাচুল সংগ্ৰহ কৰিছে। বনভোজ দলসমূহৰ বাবে লেতেৰা হৈ পৰা ঠাইবোৰ পৰিস্কাৰৰ বাবত এই মাচুলৰ ধন ব্যৱহাৰ কৰা হয়।  

ৰাণীখামাৰত নৌকা পৰিচালনা কৰা এটা সন্থা আছে। ৰাণীখামাৰৰ পৰা কাফানডঙা আৰু উকিয়ামলৈ সুন্দৰ নৌকা যাতায়তৰ ব্যৱস্থা আছে। বনভোজকাৰী সকলেও নাও ভাৰাত লৈ কলহী নদীত নৌকা বিহাৰ কৰিব পাৰে।

কাফানডঙা ঘাটত কলহীৰ ওপৰত কেইজনমান লোকে সমূহীয়াকৈ এখন বাঁহৰ দলং নিৰ্মাণ। প্ৰায় ৮০ মিটাৰ দৈৰ্ঘ্যৰ সৰু দলংখনেৰে অহা–যোৱা কৰিলে ১০ টকা মাচুল জমা দিব লাগিব। ১০ টকা মাচুল দি নদীৰ সিটো পাৰত গৈ দৰ্শনাৰ্থীসকলে নিজকে সেউজ পৰিৱেশৰ মাজত বিলীন কৰি দিয়াও দেখা গৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward