Friday, March 29, 2024
HomeARTICLEসহযোগিতা, সহমৰ্মিতা আৰু সংবেদনশীলতা

সহযোগিতা, সহমৰ্মিতা আৰু সংবেদনশীলতা

প্ৰকাশিত তাৰিখঃ ১০ জানুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ –

আমাৰ দৰ্শন হৈছে সংবেদনশীলতা, সহমৰ্মিতা আৰু সহযোগিতা। সেয়ে আমি কাকোৱেই নকও– নতুন বছৰ আনন্দময় হওক– কাৰণ আমাৰ লক্ষ্যই হৈছে সকলোৰে বাবে দিনবোৰ পোহৰময় আৰ আনন্দময় হওক। আমি জ্ঞানৰ পুজাৰী ভগৱন্ত বুদ্ধই আমাক শিকাই গৈছে জ্ঞান–প্ৰজ্ঞাৰ ওপৰত শৰণ ল’বলৈ, মানুহৰ সংমৰ ওচৰত শৰণ ল’বলৈ আৰু অৱশেষত নীতিৰ ওপৰত শৰণ ল’বলৈ। কোনোধৰণৰ সস্তীয়া চিন্তাই যাতে আমাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে নিজেই নিজৰ গুৰু হ’ব লাগিব। এই জ্ঞান–প্ৰজ্ঞা নিজৰ মাজতে আৱদ্ধ কৰি ৰাখিলেই নহ’ব। ইয়াক সম্প্ৰসাৰিত কৰি ৰাখিব লাগিব। কাৰণ প্ৰতিটো জীৱনৰ লগে লগে মৃত্যু ছাঁৰ দৰে গৈ আছে। সেয়ে ডেৰ সেৰ ফুটছাঁইৰ সমষ্টি এজন মানুহে আজীৱন পৰিচালিত হ’ব লাগিব প্ৰকৃত শিক্ষা–জ্ঞানৰ দ্বাৰা। এই জীৱনৰ পথ একা–বেকা সময়ৰ দ্বাৰা নিয়ন্ত্ৰিত। যাত্ৰা পথত বিচ্যুতিবোৰ নহ’বলৈকে সঠিক জ্ঞানৰ প্ৰয়োজন। সমাজৰ মাজৰ পৰা অনুশীলনৰ যোগেদি এই সঠিক জ্ঞান আহৰণ কৰিব লাগিব।

এই জ্ঞান আহৰণৰ বাবেও লাগিব সংবেদনশীলতা, সহমৰ্মিতা আৰু মানুহৰ লগত সহযোগিতা।

মানুহ নামৰ পদাৰ্থ ২কোটি বছৰীয়া। কৃষি কৰ্ম বা মাটি কৰ্ষন ১০ হেজাৰ বছৰীয়া। মাটিৰ লগত সম্বন্ধ হোৱা দিনধৰি মানুহ এটা বৃহৎ জাপ মাৰি অধিক মানুহ হ’ল। আৰম্ভ হ’ল এক নতুন ইতিহাস। সময়ৰ লগে লগে এই ইতিহাসৰ লগত যোগ হ’ল আৰু নতুন ইতিহাস। যোগ হ’ল কিতাপ। এই কিতাপে তৈয়াৰ কৰিলে নতুন মানুহ। কিতাপ পঢ়াৰ লগে লগে মানুহ চৰিত্ৰৰ আমূল পৰিৱৰ্তন হ’ল। ভাল কিতাপ পঢ়াৰ লগে লগে সলনি হৈ পৰিল মানুহ।

ঈশ্বৰৰ মহান সৃষ্টি মানুহ। একেই ঈশ্বৰৰে সৃষ্টি ইৱলিছ বা চয়তান। চয়তান সদায় মানুহ বিৰোধী। আৰু ভাল কাম বা বেয়া কাম জোখাৰ মাপকাঠি হৈছে– মানুহৰ ভালৰ বাবে হয় নে নহয়। তাহানিৰে পৰা এই মাপকাঠিৰে জোখা হৈছে– কাৰ লাভ হ’ব? Who will gain? ঠিক একেদৰে– শেষ পৰিণতি বা End Result কি?

সেয়ে আমি কৈ অহা সংবেদনশীলতা, সহমৰ্মিতা আৰু সহযোগিতাৰ লগতে সদিচ্ছা আৰু হেপাহৰ পৰা কাৰ লাভ হ’ব আৰু অন্তিম পৰিণতি কি হ’ব সেই প্ৰশ্ন ৰাখি কিতাপ পঢ়িলেই এই গুণকেইটা আহৰণ হ’ব নে নহয় সেই প্ৰশ্নও ৰাখিব পাৰো।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward