প্ৰকাশিত তাৰিখঃ ২৬ ছেপ্টেম্বৰ, ২০২২
কল্প ৰঞ্জন গগৈ –
স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) ব্ৰিটিছৰ গোলাম ভাৰতবাসীক নৈতিক জাগৰণৰ বাবে কৈছিল– এই পৃথিৱীখন এখন বিশাল নৈতিক ব্যায়ামাগাৰ (Moral Gymnasium)। য’ত অনুশীলন কৰি নৈতিক ব’লেৰে বলীয়ান হ’ব, লাগে কাৰণ শক্তিয়েই জীৱন (Strength is life)। একেসময়তে তেওঁ কৈছিল– সম্প্ৰসাৰণেই জীৱন– সংকোচনেই মৃত্যু (Expansion is life and contraction is death)।
ইংৰাজে ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ পিছত ভাৰত নামৰ ভূ–খণ্ডৰ জনগণক বিভিন্ন ধৰণে সংকুচিত কৰি অনা প্ৰচেষ্টাক ৰোধ কৰিবলৈ জাতীয় সম্প্ৰসাৰণৰ বাবে আহ্বান দিছিল। ইয়াৰ ফচল– পৰৱৰ্তী মহাজাগৰণ আৰু পিছত ১৯৪৭ চনৰ ১৫ আগষ্ট। আজি ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিছত বৰ্তমানৰ বিশ্ব বণিয়াৰ বিজ্ঞাপন আৰু প্ৰদৰ্শনীৰ দৰ্শন ৰোধ কৰিবলৈ ভাৰতীয়সকলে স্বামীজীৰ মানুহ গঢ়া, চৰিত্ৰ গঢ়া আৰু ৰাষ্ট্ৰ গঢ়া (Man making, character and Nation building) আগবঢ়াই নিব লাগিব।
কোনো সময়েই জটিল বা কুটীল নহয়। ই হৈছে দিনটোৰ বিভিন্ন সময়ৰ চৰিত্ৰ বা বছৰটোৰ বাৰটা মাহৰ বৈশিষ্টহে। সকলো মানুহেই হয় নৰ, নহয় দেৱ, নহয় ঠাকুৰ–মানুহ। সঠিক বিৱৰ্তনে শিয়াল কুকুৰৰ চৰিত্ৰক ঠাকুৰ বা দেৱলৈ ৰূপান্তৰ (Transform) কৰে। সেয়ে স্বামীজীয়ে কৈছিল মহাপৰিৱৰ্তনৰ কথা (Root and Branch Reform)।
মানুহেই তৈয়াৰ কৰিলে মেছিন, মানুহৰ সৃষ্টিয়েই হৈছে পূঁজি বা ধন (Capital or Money)। কিন্তু পূঁজি বা ধনে মানুহ তৈয়াৰ নকৰে (Money doesnot make man) কিন্তু দাস সৃষ্টি কৰে (Creats slaves of riches)। ধনৱান সকলৰ লক্ষ্যই হৈছে ধনৰ দাস সৃষ্টি কাৰণ (Slaves creates slaves) দাসে দাসহে সৃষ্টি কৰে। আজিৰ বৈশ্য যুগত সকলো ধনৰ দাস হৈ পৰিছে বাবে বিভিন্ন ধৰণৰ বেমেজালি দেখা গৈছে।
এতিয়া এক কোটি টকীয়া প্ৰশ্ন (A million doller question)। ৰূপান্তৰ নোহোৱাকৈ মানৱ– সমাজ থাকিবনে? মানুহে ৰূপান্তৰৰ বাবে প্ৰচেষ্টা নচলাবনে?
পৰিৱৰ্তন– ৰূপান্তৰ সকলো সময়ৰ দাবী। বৰ্তমান আমি বাস কৰি থকা স্তৰ হৈছে পূঁজিবাদৰ চৰম বিকাশৰ স্তৰ। যুদ্ধৰ স্তৰ বা উত্তৰ মানৱৰ যন্ত্ৰ পৰিচালিত সমাজ (Past human society)।
১৮৭৫ চনৰ পিছৰ যুগটো আৰ্নলড টয়নবিৰ মতে– উত্তৰ আধুনিক যুগ (Past Modern Era) আৰু ১৯৬০ৰ পিছৰ পৰা অতি আধুনিক বা উত্তৰ– উত্তৰ আধুনিক যুগ (Past– past modern Era)।
বিজ্ঞাপন, প্ৰদৰ্শনী, ধন আৰু তাৰ ফচল হিংসা–ঘৃণা–যুদ্ধৰ দ্বাৰ নিয়ন্ত্ৰিত সময়ত মানুহ নামৰ বস্তু (Clement) মনোবিকাৰৰ ভূক্তভোগী।
১৯০২ চনত পৃথিৱী এৰি থৈ যোৱা স্বামী বিবেকানন্দই নিজে উত্তৰ আধুনিক যুগৰ প্ৰতিনিধি আৰু অহা তিনি হেজাৰ বছৰৰ যুৱশক্তিৰ অগ্ৰিম প্ৰতিনিধি। বিশ্বায়নৰ বিষয়ে তেওঁলোকৰ ধাৰণা স্পষ্ট। সেয়ে স্বামীজীৰ দৰ্শন হ’ব বিশ্বায়নৰ পৰৱৰ্তী (human society) মানৱ সমাজৰ দিগদৰ্শক (guide to action)।
ফটোঃ চানডুবি নিউজ