Saturday, April 20, 2024
HomeARTICLEৰূপান্তৰৰ অগ্নিমন্ত্ৰ নে স্থিতাৱস্থাৰ আখৰা?

ৰূপান্তৰৰ অগ্নিমন্ত্ৰ নে স্থিতাৱস্থাৰ আখৰা?

প্ৰকাশিত তাৰিখঃ ৩ অক্টোবৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

আলহী হৈ আহি অগ্নিমন্ত্ৰ দিছিল চ্যাওলুং চ্যুকাফাই (১২২৮–১২৬৮) মন্ত্ৰ আছিল ‘ম্যুংডুনচূনখাম– সোণালী বাগিচা। গঢ়িব লাগিব থলগিৰি হৈ। এই মহামন্ত্ৰ অনুসৰি গঢ় দিলে ‘কুক্কুৰ–শৃগাল গদৰ্ভৰো আত্মাৰাম’ মিলি এখন নতুন সমাজ শ্ৰীমন্ত শংকৰে।

কেনা লগালে ডাঙৰীয়া কীৰ্তিচন্দ্ৰই কৌটিল্যৰ সাম–দান–দণ্ড আৰু বিশেষকৈ ভেদনীতিৰে। ৰাজতন্ত্ৰক বঢ়াবলৈ– ১৮ শতিকাত। ফলস্বৰূপে প্ৰজাজাগৰণ– ১৭৬৯ চনৰ পৰা। স্থিতাৱস্থাৰ আখৰা কৰি ৰজা গৌৰীনাথে মাতি আনিলে সাম্ৰাজ্যবাদী ইংৰাজক– ১৭৯২ চনত। মে’ মাহত।

ইংৰাজ গুচি গ’ল– ১৭৯৪ চনৰ নৱেম্বৰত। তাৰ পিছত?

গৌৰীনাথৰ দিনত কোম্পানীৰ লগত বাণিজ্যিক চুক্তি– ১৭৯৩ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা।

গৌৰীনাথৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ (১৭৯৫–১৮১০)। সেই সময়ত ১৭৮২ চনত বুঢ়াগোঁসাই পদত পূৰ্ণানন্দ আৰু সেই সময়তে সন্ত্ৰাসৰ ৰাজত্ব। স্থিতাৱস্থাৰ আখৰা।

কমলেশ্বৰ সিংহৰ পিছত ৰজা চন্দ্ৰকান্ত (১৮১০–১৮১৮)। একেই স্থিতাৱস্থাৰ আখৰা ফলত মানক আমন্ত্ৰণ আৰু আগমণ। তিনিবাৰ– অৱশেষত বেলিমাৰ আনুষ্ঠানিকভাৱে ইয়াণ্ডাবুত– ১৮২৬ৰ ২৪ ফেব্ৰুৱাৰীত।

চ্যাওফা চ্যুকাফাৰ দিনৰ পৰা আৰম্ভ হোৱা ৰূপান্তৰৰ অগ্নিমন্ত্ৰ স্থিতাৱস্থাৰ আখৰাত পৰিণত হৈছিল উদয়াদিত্য সিংহৰ দিনৰ (১৬৬৯–১৬৭৩) পিছৰ পৰা।

অগ্নিমন্ত্ৰ দিছিল প্ৰতাপ সিংহৰ দিনত (১৬০৩–১৬৪১) প্ৰথম বৰবৰুৱা মোমাই তামুলীয়ে। স্থিতাৱস্থাৰ আখৰা কৰিলে জয়ধ্বজ সিংহৰ দিনত (১৬৪৮–১৬৬৩)। ফলস্বৰূপে মিৰজুমলা বাহিনীয়ে গঁড়গাঁও গৰকি গ’ল। চুক্তি হ’ল ঘিলাধাৰী ঘাটত।

তাৰ পিছত চক্ৰধ্বজ সিংহ– (১৬৬৩–১৬৬৯) অগ্নিমন্ত্ৰ দিলে লাচিতক। মোগলৰ লগত চুক্তি নেমানো। অধৈৰ্য হৈ লাচিতক পৰাক্ৰমী মোগলক আক্ৰমণ কৰিবলৈ আদেশ দিলে। ফল হ’ল আলাবৈত দহ হেজাৰ খেতিয়ক শ্বহীদ। গুৱাহাটী মুকলি নহ’ল। দুখত ভাগি পৰিল চক্ৰধ্বজ। ১৬৬৯ চনৰ ৫ আগষ্ট। অসমৰ বাবে ক’লা দিন। চক্ৰধ্বজৰ মৃত্যু– নতুন চ্যাওফা উদয়াদিত্য সিংহ (১৬৬৯–১৬৭৩)। এওঁৰ দিনতে মোগল বাহিনীৰ সৈতে সৰ্বশেষ যুদ্ধ হৈছিল শৰাইঘাটত। সেনাপতি বৰফুকন লাচিত। ১৬৭১ চনৰ মাৰ্চ মাহৰ এই যুদ্ধত ৰাম সিংহৰ নেতৃত্বত মোগলৰ পৰাজয়। অসমৰ পশ্চিম সীমা মানাহ নদীলৈ বিস্তাৰিত। উদয়াদিত্য সিংহৰ সিংহাসন প্ৰাপ্তিৰ প্ৰথম বছৰটোতে ৰামসিংহৰ লগত অহা নৱম শিখ গুৰু টেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰে।

পুনৰ আৰম্ভ হয় স্থিতাৱস্থাৰ আখৰা। উদয়াদিত্য সিংহক হত্যা কৰি ৰামধ্বজ সিংহই সিংহাসন আৰোহণ কৰে। ১৬৭৩ চনৰ পৰা এই আখৰা চলে ১৬৮১ চনলৈ– ৮ বছৰ– ল’ৰা ৰজাৰ দিনলৈ। সেই সময়ত গুৱাহাটীৰ অৱস্থা কি হৈছিল? তাৰ পিছত অগ্নিমন্ত্ৰ– গদাধৰ সিংহৰ দিনত (১৬৮১–১৬৯৬)। এওঁৰ দিনতে গুৱাহাটী দখল কৰি কামৰূপ মুক্ত কৰি মোগলক খেদি মানাহ পৰ্যন্ত অসমৰ সীমা। ১৬৮২ চনত।

তাৰ পিছত ১৭ শতিকাৰ পৰা ১৮ শতিকালৈ; ১৮ শতিকাৰ প্ৰজাৰ অগ্নিমন্ত্ৰ (১৭৬৯–১৭৯২) তাৰ পিছত পুনৰ স্থিতাৱস্থাৰ আখৰা– ব্ৰিটিছ আৰু মান আৰু ১৯শতিকাত ১৮২৬ চনত ইয়াণ্ডাবুত স্থায়ীভাৱে ব্ৰিটিছ– ১৯৪৭ পৰ্যন্ত।

ৰূপান্তৰৰ অগ্নিমন্ত্ৰৰ পৰা স্থিতাৱস্থাৰ আখৰা– আকৌ ব্ৰিটিছৰ দিনত জ্যোতি–বিষ্ঞু–ভূপেনে দিয়া অগ্নিমন্ত্ৰ পুনৰ আওঁৰাব লাগিব যাতে ভৱিষ্যতে কোনো অসমীয়াই স্থিতাৱস্থাৰ আখৰাত ভাগ নলয়।

ফটোঃ চানডুবি নিউজ  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward