Friday, March 29, 2024
HomeNEWSগুৱাহাটীৰ আজাৰাত নন্দলাল দাসৰ জীৱন আৰু মৃত্যুৰ সজল স্মৃতিত ‘সোৱৰণিৰ বাটেৰে’ শীৰ্ষক...

গুৱাহাটীৰ আজাৰাত নন্দলাল দাসৰ জীৱন আৰু মৃত্যুৰ সজল স্মৃতিত ‘সোৱৰণিৰ বাটেৰে’ শীৰ্ষক গ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১০ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নন্দলাল দাসৰ জীৱন আৰু মৃত্যুৰ সজল স্মৃতিত ‘সোঁৱৰণীৰ বাটেৰে’ শীৰ্ষক গ্ৰন্থখনি ৮ অক্টোবৰত মহানগৰীৰ আজাৰা সভাঘৰ প্ৰাংগনত উন্মোচন কৰা হয়।

স্মৃতি গ্ৰন্থ উন্মোচনী সভাখনৰ সভাপতিত্ব কৰে কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড নলীন মহনে। ডাঃ দীপজ্যোতি দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কুঞ্জলতা মেধিয়ে। বন্তি প্ৰজ্বলন আৰু স্মৃতি গ্ৰন্থ উন্মোচন কৰে ড অক্ষয় পাটগিৰীয়ে।

সভাখনৰ অতিথিসকলক সম্বৰ্ধনা আগবঢ়ায় ডাঃ দীপজ্যোতি দাস, ডাঃ পৰাগজ্যোতি দাস, ডাঃ অনুজা দাস, ডাঃ অনন্যা দাস, মমী ডেকা, নিতুল ডেকা আৰু অংকু দাসে।

প্ৰয়াত নন্দলাল দাসৰ স্মৃতিত বক্তব্য আগবঢ়ায়– কেশৱলাল দাস, মুকুটমণি দাস, চন্দ্ৰধৰ দাস, ড নিৰ্মালী দাস আদি বিশিষ্ট্য ব্যক্তিসকলে।

স্মৃতি গ্ৰন্থ উন্মোচনী সভাখনত বহু সংখ্যক লোক উপস্থিত থাকে। উক্ত সভাত ঘোষা আৰু বৰগীত পৰিৱেশন কৰে ক্ৰমে– ধৰিত্ৰী দাস আৰু জীতুমণি দাসে।

ভিডিঅ’ নিউজ চাবলৈ << ইয়াত ক্লিক কৰক >>

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward