Friday, April 19, 2024
Homeবাতৰিঅসমত আন্তঃৰাজ্যিক পাৰপত্র প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ ধাৰাবাহিক আন্দোলন

অসমত আন্তঃৰাজ্যিক পাৰপত্র প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ ধাৰাবাহিক আন্দোলন

প্ৰকাশিত তাৰিখঃ ৮ অক্টোবৰ, ২০১৮

চি এন ডেক্স

অসমীয়াৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ (ইনাৰলাইন পাৰ্মিট) প্ৰৱৰ্তনৰ অতি আৱশ্যক। খিলঞ্জীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক–সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ অতিশীঘ্ৰে অসমত ইনাৰলাইন প্ৰৱৰ্তনৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ।

ৰাজ্যখনৰ খিলঞ্জীয়াক বহিৰাগতৰ আগ্ৰাসনৰ পৰা ৰোধ কৰিবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাই হ’ল একমাত্ৰ ৰক্ষা কবচ। এই ব্যৱস্থা প্ৰৱৰ্তন হ’লেহে চুবুৰীয়া ৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ পৰা হোৱা অবাধ প্ৰব্ৰজন বন্ধ হ’ব আৰু খিলঞ্জীয়াৰ জাতীয় অস্তিত্ব ৰক্ষা পৰিব।

অসমত এই ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ১৯৭৮ চনৰ পৰাই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে দাবী উত্থাপন কৰি আহিছে। কিন্তু দুখৰ বিষয় যে কেন্দ্ৰত থকা কোনোখন চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

সম্প্ৰতি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে যোৱা কিছুদিনৰ পৰা ৰাজ্যত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তনৰ বাবে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। ৰাজ্যখনত এই ব্যৱস্থা প্ৰৱৰ্তন নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি সংগঠনটোৱে ঘোষণা কৰিছে।

অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সংগঠনটোৱে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দাবী জনাই দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ সুকীয়া সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সংগঠনটোৱে ব্যক্ত কৰা মতে– আমাৰ  চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, নগালেণ্ড আৰু মিজোৰামত ইনাৰলাইন ব্যৱস্থাৰ দ্বাৰা অবৈধ লোকৰ আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হৈছে। এই ব্যৱস্থা থকাৰ ফলতহে ৰাজ্যখনৰ খিলঞ্জীয়াসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক–সাংস্কৃতিক অধিকাৰ অধিক সুৰক্ষিত হৈ আছে।

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অসমতো প্ৰৱৰ্তন কৰিব লাগে য’ত– নিজ ৰাজ্যতে ভগনীয়া হোৱাৰ পৰা ৰক্ষা পাব পাৰে খিলঞ্জীয়াসকল, য’ত খিলঞ্জীয়াসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ অধিক সুৰক্ষিত হৈ থাকে তেনে ব্যৱস্থা ৰাজ্যখনত অতিসোণকালে প্ৰৱৰ্তন হওঁক। ৰাজ্যত এই ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনো পক্ষৰে দ্বিমত থাকিব নালাগে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward